এতিয়াও কমা নাই কপিলী প্রকল্পৰ বিভীষিকা, প্ৰতিমুহুৰ্ত্তত বৃদ্ধি পাইছে কপিৱীৰ জলপৃষ্ঠ
দৈনিক বাতৰি

এতিয়াও কমা নাই কপিলী প্রকল্পৰ বিভীষিকা, প্ৰতিমুহুৰ্ত্তত বৃদ্ধি পাইছে কপিৱীৰ জলপৃষ্ঠ

জিপ্লাছ ব্যুৰ’ | October 10, 2019 15:39 hrs

১০ অক্টোবৰ, গুৱাহাটী - বিগত ৭ অক্টোবৰৰ পুৱা উমৰাংছ’স্থিত নীপকোৰ কপিলী জলবিদ্যুৎ প্রকল্পৰ বৃহৎ পাইপ ফাটি সংঘটিত হোৱা জলবিস্ফোৰণ তিনিটাকৈ দিন উকলি যোৱাৰ পিছতো নিয়ন্ত্রণ হোৱা নাই জলতাণ্ডৱ৷ মূলতঃ কোনো উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞ উপস্থিত নোহোৱাৰ বাবেই জল-তাণ্ডৱ আজিও অব্যাহত আছে৷ প্রতি ছেকেণ্ডত ১২ হাজাৰ লিটাৰ পানী ওলাই অহা পাইপৰ পৰা ওলোৱা পানীৰ ফোৱাৰা আজিও ৭০–৮০ ফুট উচ্চতালৈ উঠা পৰিলক্ষিত হয়৷ ইফালে বিস্ফোৰিত হোৱাৰ সময়ৰে পৰা তীব্র গতিত বৈ আছে জলপ্রবাহ৷ 

ইতিমধ্যেই জলপ্রবাহত প্রকল্পটোৰ পাৱাৰ হাউছৰ লগতে সমীপৱৰ্তী বিস্তীৰ্ণ এলেকা বালিস্তুপত পৰিণত হৈছে। প্রকল্পটোৰ কাষতে থকা এটা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী খুঁটা আৰু এখন দলঙো চূর্ণ-বিচূর্ণ হৈ পৰিছে৷ ইফালে জলধাৰা এনেধৰণেই অব্যাহত থাকিলে নিশাৰ ভিতৰতে আন এখন দলং, বহুকেইটা বিদ্যুৎ পৰিবাহী খুঁটা আৰু দলঙৰ লগতে পাহাৰ খহি পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷

আনফালে নীপ্কো কর্তৃপক্ষই এই জলতাণ্ডৱ শাম কটাবলৈ আৰু মূল বান্ধটোক সুৰক্ষিত কৰিবলৈ তিনিখনকৈ শ্লুইচ গে’ট খুলি দিয়াৰ ফলত এতিয়া নামনি অঞ্চললৈ ভাবুকি আহি পৰিছে৷ পিছে তাৎপৰ্যপূৰ্ণভাৱে তিনিখনকৈ গে’ট খুলি দিয়াৰ পাছতো প্রকল্পটোৰ পাইপেৰে পানী নির্গমনৰ বেগ হ্ৰাস পোৱা নাই।

ইফালে নগাওঁৰ বিভিন্ন এলেকাৰ লোকসকল আন এক বানৰ কৱলত পৰাৰ আশংকাত শংকিত হৈ পৰিছে। কিয়নো প্ৰতি মুহুৰ্ত্ততে বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ।

কালি নীপকো কর্তৃপক্ষই এক সংবাদমেলযোগে ৰাইজক আশ্বাস প্ৰদান কৰি কয় যে অতিশীঘ্ৰেই খুলি দিয়া তিনিখনকৈ গেট বন্ধ কৰা হ’ব আৰু পৰৱৰ্তী সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ বিপৰীতে ঘটনাত সন্ধানহীন হোৱা চাৰিগৰাকী বিষয়া-কর্মচাৰীৰ পৰিয়ালবর্গ আৰু স্থানীয় লোকে নীপকো কর্তৃপক্ষৰ লগতে ৰাজ্য, কেন্দ্রীয় চৰকাৰ আৰু স্থানীয় প্রশাসনে কোনো তৎপৰতা প্রদর্শন নকৰাৰ অভিযোগ তুলিছে৷। অৱশ্যে নীপ্কো কর্তৃপক্ষই জনায় যে আগ্রাৰ পৰা ১০ জনীয়া এটা বিশেষজ্ঞৰ দল উমৰাংছ’ত উপস্থিত হৈছে যদিও জলগতি হ্ৰাস নোহোৱাৰ লগতে জলস্তৰ হ্ৰাস নোহোৱাৰ বাবে এইপৰ্যন্ত অভিযান আৰম্ভ কৰিব পৰা নাই।

উল্লেখযোগ্য যে ১৯৭৬ চনত আৰম্ভ হোৱা এই প্রকল্পটোৰ গাতে লাগি আছে মেঘালয়৷ মেঘালয়ত অবাধ হাৰত চলা কয়লা খননৰ ফলত ছালফিউৰিক এচিড পানীত বৈ অহাৰ ফলতেই পাইপলাইনসমূহ নষ্ট হৈ পৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশ বিশেষজ্ঞই।  এই দুর্ঘটনাত নিৰুদ্দিষ্ট হৈ থকা ৪গৰাকী বিষয়া-কর্মচাৰী ৰবার্ট জন, প্রেমপল বাল্মীকি, জয়ছিং তিছ’ আৰু ৰাজু ৰেড্ডী।

Banner