মহানগৰীৰ ডাষ্টবিনত উদ্ধাৰ এটি নৱজাতক

Wednesday, 02 December 2020

দৈনিক বাতৰি

মহানগৰীৰ ডাষ্টবিনত উদ্ধাৰ এটি নৱজাতক

জিপ্লাছ নিউজ ডেস্ক | February 04, 2020 17:12 hrs

৪ ফেব্ৰুৱাৰী, গুৱাহাটী : মানবীয়তাৰ চৰম পৰিহাস। মহানগৰীৰ ডাষ্টবিনত উদ্ধাৰ নৱজাতক। হেঙেৰাবাৰীৰ জীৱন কৃষ্ণ পথৰ জিএমচিৰ ডাষ্টবিনত উদ্ধাৰ হৈছে এটি কন্যা নৱজাতকটি। 

আজি দিনৰ প্ৰায় ১২ মান বজাত এজন চাফাই কৰ্মীয়ে প্ৰথমতে জাৱৰৰ মাজত প্ৰত্যক্ষ কৰে নবজাতকটো। স্থানীয় ৰাইজৰ সহযোগ আৰু  দিছপুৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে নবজাতকটি। 


আৰক্ষীয়ে  মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম ছি এইছলৈ প্ৰেৰণ কৰিছে নৱ জাতকটিৰ মৃতদেহ। দিছপুৰ আৰক্ষীয়ে  নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।