অসমৰ মানচিত্ৰত নতুন জিলা হ'ল "বজালী" | অসম নিউজ
দৈনিক বাতৰি

অসমৰ মানচিত্ৰত নতুন জিলা হ'ল "বজালী"

জি প্লাছ নিউজ | January 13, 2021 11:41 hrs

গুৱাহাটী : অসমৰ মানচিত্ৰত নতুন জিলা হিচাপে সংযোজিত হ'ল "বজালী" । ৰাজ্যপালৰ অনুমোদনৰ পিছতেই আনুষ্ঠানিকভাবে জিলাৰ মৰ্যাদা লাভ কৰিলে বজালীয়ে ।


ৰাজ্য চৰকাৰে বিগত বৰ্ষৰ আগষ্ট মাহত বজালীক জিলা হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল । গুৱাহাটীৰ পৰা ১০৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত বজালী ।


এই ঘোষণাৰ পাচতেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণাৱালে টুইটযোগে আনন্দ প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আজি বজালীবাসীৰ বাবে সুন্দৰ দিন । বজালীক জিলা হিচাপে ঘোষণা কৰাৰ আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হৈছে । মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো । মই বিশ্বাস কৰিছো ই অসমৰ শিক্ষাগত আৰু সাংস্কৃতিক ক্ষেত্ৰৰ দ্ৰুত বিকাশৰ পথ প্ৰদৰ্শক হ'ব ।"