উত্তৰ- পূৱ সীমান্ত ৰে’লৱে কৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ, জীৱন ৰক্ষা শতাধিক বনৰীয়া হাতীৰ
দৈনিক বাতৰি

উত্তৰ- পূৱ সীমান্ত ৰে’লৱে কৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ, জীৱন ৰক্ষা শতাধিক বনৰীয়া হাতীৰ

জিপ্লাছ নিউজ ডেস্ক | November 07, 2019 14:52 hrs

৭ নৱেম্বৰ, গুৱাহাটী : উত্তৰ- পূৱ ৰে’লৱে সীমান্ত ৰে’লৱে কৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ।  উত্তৰ-পূৱ সীমান্ত ৰে’লৱে পৰিসেৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত শতাধিক বনৰীয়া হাতীৰ জীৱন ৰক্ষা কৰে। 

 গুৱাহাটী  মহানগৰীৰ দক্ষিণ পশ্চিম প্ৰান্তৰ দীপৰ বিলকে ধৰি সামৰি লোৱা পাচঁটা সংমণ্ডলৰ বিভিন্ন প্ৰান্তৰ হতীৰ দন্ডী হিচাপে পৰিচিত বিভিন্ন অঞ্চল সমুহৰ মাজেৰে সেৱা ৰে’লপথ সমূহত বিগত ৩১ অক্টোবৰ পযর্ন্ত দহ মাহত ৰেলকৰ্মীৰ সতৰ্কাতাৰ বাবে শতাধিক বনৰীয়া হাতীৰ জীৱন ৰক্ষা পৰে।উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সুভনন চন্দই জানিবলৈ দিয়া মতে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ পৰিসেৱাই সামৰি লোৱা সংমণ্ডলৰ ৰে’ল চলাচল কৰা পথত মুঠ ৭ টা হস্তীৰ দন্ডী চিহ্নিত কৰা হৈছে। সংমণ্ডল অনুসৰি দীপৰ বিলকে ধৰি ৰঙিয়াৰ অধীনত ২৩ টা হস্তীৰ দণ্ডী, আলিপুৰ দুৱাৰত ২২ টা, লামডিঙত ১৬ টা আৰু তিনিচুকীয়াত ৫টা হস্তী দন্ডী আছে।

Banner