NH37 Bypass of Guwahati to be Turned into a Model Highway | Assamese News
দৈনিক বাতৰি

গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ অংশক গঢ়ি তোলা হ’ব আদৰ্শ ঘাইপথ হিচাপে

জিপ্লাছ | June 01, 2020 11:00 hrs

১ জুন, গুৱাহাটী - ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এনএইচএআইয়ে শীঘ্ৰেই দেশৰ ৫৭ টা ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজ্যৰ ৰাজধানীৰ মাজেৰে যোৱা অংশক আদৰ্শ পথ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা হাত লৈছে।  সেই অনুসৰি গুৱাহাটীৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটীৰ অংশটোকো আদৰ্শ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে গঢ়ি তোলা হ’ব।

উল্লেখ্য সমগ্ৰ দেশতে সৰ্বমুঠ ১৭৩৫ কিলোমিটাৰ পথৰ উন্নয়ন ঘটোৱা হ’ব এই পৰিকল্পনা অনুসৰি। এই আদৰ্শ পথছোৱাত থাকিব সকলোধৰণৰ যাৱতীয় উপাদান তথা সা-সুবিধা। ৰোড ছাইন, ৰোড মাৰ্কিং, ৰোড ফাৰ্ণিচাৰ আৰু সকলোধৰণৰ সুৰক্ষা সামগ্ৰীও থাকিব এই পথছোৱাত। সঠিক জংচন আৰু প্ৰৱেশ প্ৰস্থান বিশেষ স্থান, সক্ৰিয় হৈ থকা নৰ্দমা ব্যৱস্থা, ষ্ট্ৰীট লাইট, গছপুলি ৰোপন, প্ৰাকৃতিক সৌন্দৰ্যৰ ব্যৱস্থা, ট’ল প্লাজা আদি সকলো ব্যৱস্থাই সংযোজিত কৰা হ’ব ইয়াত। 

সকলো স্পৰ্শকাতৰ এলেকাতেই থাকিব চিচিটিভি কেমেৰা। আৰু দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে এই পথছোৱাত নাথাকিব কোনোধৰণৰ ‘ব্লেক-স্পট’।


উল্লেখ্য যে ইতিমধ্যেই সংশ্লিষ্ট প্ৰাধিকৰণে আঞ্চলিক কাৰ্যালয় আৰু প্ৰকল্প সঞ্চালকসকলক এই উন্নয়নৰ সঠিক পৰিকল্পনা কৰিবলৈ আৰু সেই পৰিকল্পনা সময় অনুসৰি শেষ কৰাত সহায় হ’বৰ বাবে এক নিৰ্দেশাৱলীও প্ৰদান কৰিছে। 

সমগ্ৰ দেশতে ৫৭ টা এলেকা এই পথ উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে আৰু গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শৰাইঘাট দলংৰ পৰা খানাপাৰালৈ থকা পথছোৱা এই পৰিকল্পনাৰ অন্তৰ্ভুক্ত হৈছে। এনে পৰিস্থিতিত গুৱাহাটীৰ মাজতে অনন্য পথ এটাৰ নিৰ্মাণ হ’ব যদিও ট’ল প্লাজাত ধন দি পাৰ হ’বলগীয়াৰ দৰে এক ব্যৱস্থাৰো সমূখীন হ’ব লাগিব।