শাসকীয় চৰকাৰৰ আক্ৰোশৰ বলি হৈছে নেকি অখিল গগৈ? ‘অখিলক মাৰি পেলাওক!’- প্ৰিয়দা গগৈ  
দৈনিক বাতৰি

শাসকীয় চৰকাৰৰ আক্ৰোশৰ বলি হৈছে নেকি অখিল গগৈ? ‘অখিলক মাৰি পেলাওক!’- প্ৰিয়দা গগৈ  

কাৰেং ইংতিপী ফুকন | July 08, 2020 15:12 hrs


৭ জুলাই, গুৱাহাটী: শাসকীয় চৰকাৰৰ ৰাজনৈতিক মেৰপাকত ক্ৰমাৎ তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক। চৰকাৰৰ আক্ৰোশৰ বলি হৈ যোৱা ২০৮ দিন ধৰি কাৰাগাৰত দিন কটাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টাগৰাকীয়ে ।  সম্প্ৰতি কাৰাগাৰৰ ভিতৰত কৃষক নেতা ভীষণভাৱে অসুস্থ হোৱাৰ খবৰে ৰাজনৈতিক মহলৰ নিকৃষ্ট ষড়যন্ত্ৰৰ দিশে ইংগিত দিছে। ইতিমধ্যে বহুসংখ্যক লোকে কৰ’ণা  ভাইৰাছে কৃষক নেতাগৰাকীকো আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰু যথাসময়ত সেয়াই হোৱাৰ উপক্ৰম হৈছে। বিগত ২ জুলাইৰ পৰা কাৰাগাৰৰ ভিতৰেত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অখিল গগৈ।আদালতত ভিডিঅ’ কনফাৰেছিং ৰ জৰিয়তে অখিল গগৈক হাজিৰ কৰোৱাৰ সময়ত তেওঁ নিজেই  জ্বড়, কাঁহ আৰু মূৰৰ বিষ হৈ  কৰ’ণাৰ উপসৰ্গই দেখা দিয়াৰ কথা প্ৰকাশ কৰে। ইফালে  ৫ জুলাইৰ পৰা ছাত্ৰ মুক্তিৰ নেতা বিতু সোণোৱালো জ্বৰত ভুগাৰ কথা আদালতত প্ৰকাশ কৰিছে। কিন্তু  বৰ্তমনালৈ কাৰাগাৰ কৰ্তৃপক্ষই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা তথা চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছিল।

 অখিল গগৈৰ এই খবৰ সংবাদমাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগেই বিচনাত উচুপি উঠিছে নেতাগৰাকীৰ মাতৃ প্ৰিয়দা গগৈ। তেওঁ চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয়   ‘অখিলক মাৰি পেলাওক, সোণোৱালে অখিলক মাৰি পেলাওক। অখিল মৰিলে মোৰ কোনো নাই। সি মৰিলে চৰকাৰ দোষী হ’ব।’

বিগত তিনিমাহ ধৰি ৰাজ্যত কৰ’ণা ভাইৰাছৰ ভয়াবহতাক কেন্দ্ৰ কৰি  অখিল গগৈৰ পৰিয়াল আৰু সতীৰ্থক লগ কৰিবলৈ দিয়া নাই কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই। শেহতীয়াকৈ তেওঁৰ পত্নীয়ে বন্দী স্বামীৰ খবৰ বিচাৰি আৰক্ষীক খবৰ কৰে যদিও নাকচ হয় তেওঁৰ অনুমতিৰ আবেদন।  অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে সামাজিক মাধ্যমৰ  যোগেদি ক্ষোভ প্ৰকাশ কৰি  কয়-“কেবামাহো হ'ল। ঘৰত টিভি নাই। বহু কথা নজনাকৈ ৰৈ যায়। এই মাত্ৰ ফেচবুকত দেখিছোঁ, অখিলৰ শৰীৰ অসুস্হ। ক’ভিডৰ লক্ষণ। কি ক'ম বুজি পোৱা নাই। বহুতে মোক ফোন কৰি বা আন ধৰণে ও সোধে, 'দাদা ভালে আছেনে?' কিন্তু মই নো কি জানো?কাৰ্যত: গুৱাহাটীৰ পৰা লৈ যোৱাৰ পাছত লগ ধৰিব পৰা নাই। আগেয়ে NSAত গ্ৰেপ্তাৰ কৰি ঘূৰাই ফুৰোতে মাজৰাতি থানা এখনৰ পৰা ফোন কৰি জনাইছিল। এইবাৰ কোনো বতৰা নাই। ফোন নাই। ডিব্ৰুগড়ত থাকোঁতে অসম আৰক্ষীৰ ডিজিপি মহোদয়ক ফোন কৰাত উপায়ুক্তক অনলাইন এপ্লিকেচন দিবলৈ কলে। দিলো। দুসপ্তাহ মানৰ পাচত উত্তৰ আহিল, 'Rejected'. আৰু তাৰ কাৰণো 'Rejected'।

গুৱাহাটীলৈ আহিল। বাৰে বাৰে জেলৰ সমুখৰ পৰা ঘূৰি আহিলো। NIA কৰ্টৰ অনুমতি লৈ যাওঁতেও আমাক, মানে অধিবক্তা আৰু মোক কৰ’ণাৰ দোহাই দি লগ ধৰাৰ অনুমতি নিদিলে। ২৯জুনত ক'ৰ্টত হাজিৰ কৰাব বুলি বাট চালো। তাৰ আগতে গুৱাহাটীত লকডাউন। এতিয়া বাতৰি-কাকত বা চেনেল কেইটাৰ বাহিৰে জনাৰ একো উপায় নাই। আইনী পৰামৰ্শ, সেই বিষয়ৰ আলোচনা, বেমাৰ- এইবোৰে এতিয়া অভিযুক্ত বা তেওঁলোকৰ পৰিয়ালবোৰৰ অধিকাৰৰ ক্ষেত্ৰত নপৰিবও পাৰে। এতিয়া যে ক’ভিডে অনা জৰুৰী অৱস্থা চলি আছে। তথাপি এই মুহূৰ্তত মোৰ হাতত থকা একমাত্ৰ মাধ্যমটোৰে মোৰ এই উদ্বিগ্নতাখিনি উলিয়াই দিলো।”

ইয়াৰ পূৰ্বেও দুবাৰকৈ কাৰাগাৰৰ ভিতৰত অসুস্থ হৈছিল অখিল গগৈ। সেইসময়তো কাৰাগাৰ কৰ্তৃপক্ষ তথা চৰকাৰৰ ৰাজনীতিৰ বলি হৈ তিনিদিন বিচনাত কেকাই থাকিবলগীয়া হৈছিল নেতাগৰাকী । পৰৱৰ্তী পৰ্যায়ত সংবাদমাধ্যম তথা দলীয় সতীৰ্থৰ হেচাঁত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দিনটীয়াকৈ চিকিৎসাৰ বাবে লৈ অহা হৈছলি নেতাগৰাকীক।  কিডনী পাথৰ, গ্রেষ্টিক আলচাৰ আৰু খাদ্য নলীত ঘাঁ, কঁকাল বিষত গুৰুত্বৰভাৱে  স্বাস্থ্য অৱনতি ঘটিছিল কৃষক নেতাগৰাকীৰ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে জিপ্লাছক জনায় যে-“অখিল দাক শেষৰবাৰৰ ফৰেনছিক লেবলৈ আনোতেই আমাৰ কেইগৰাকীমান সতীৰ্থই  সাক্ষাৎ কৰিছিল। তাৰ পাছৰ পৰা আজিৰ তাৰিখিলৈ  আমাৰ সতীৰ্থসকলৰ লগতে তেওঁৰ পৰিয়াল আৰু অধিবক্তাইও লগ কৰিবলৈ বিচাৰিছিল যদিও কৰ’ণাৰ গইনা লৈ কাৰাগাৰ কৰ্তৃপক্ষই লগ কৰিবলৈ অনুমতি দিয়া নাছিল। আমিও সামাজিক মাধ্যম অথবা ভিডিঅ’ কনফাৰেন্স জৰিয়তেই অখিল গগৈ আৰু আমাৰ সতীৰ্থ বিতু সোণোৱালৰ স্বাস্থ্য সম্পৰ্কে জ্ঞাত হৈছিলো। কালি আমি দলৰ ফালৰ পৰা অখিল গগৈৰ স্বাস্থ্য সম্পৰ্কত পৰীক্ষা কৰিবলৈ দুখনকৈ আবেদন পত্ৰ  নিয়া আদালতত দাখিল কৰিছে।’’


অধিবক্তা কৃষ্ণ গগৈয়ে জিপ্লাছক জনায়- ‘ নিয়া আদালতকেও কেন্দ্ৰীয় কাগাৰাৰ কৰ্তৃপক্ষক তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। আমিও নিয়া আদালতত ইতিমধ্যে দুখনকৈ আবেদন দাখিল কৰিছো। যিহেতু কৰ’ণাৰ গইনা লৈ আমাক তেওঁক লগ কৰাৰ অনুমতি প্ৰদান কৰা নাই আমিও এই সম্পৰ্কে সবিশেষ তথ্য নাজানো।’

ইয়াৰোপৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত দুগৰাকী কয়ডীৰ দেহত কৰ’ণা ধৰা পৰাৰ পাছতেই অখিল গগৈ সহ কেবাগৰাকী কয়ডীয়ে ২৫ জুনত কাৰাগাৰৰ ভিতৰতে অনশত বহিছিল। অখিল গগৈয়ে কাৰাগাত কয়ডীৰ  স্বাস্থ্যৰ নিৰাপত্তা নাই, কয়দী-হাজোতী সকলক যোগান ধৰা খাদ্য অপুষ্টিকৰ আৰু অতি নিম্নমানৰ,বিশুদ্ধ খোৱা পানীৰ অভাৱ, থকা -খোৱাৰ পৰিৱেশ অস্বাস্থ্যকৰ আৰু জেলৰ ভিতৰত চিকিৎসা সেৱাৰ ব্যৱস্থাও সুলভ নহয় কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বুলি দাবী উত্থাপন কৰিছিল।  চকু মুদা কুলিৰ ভাও ধৰিছে জেল কৰ্তৃপক্ষই বুলি মন্তব্য প্ৰকাশ কৰিছিল গগৈয়ে।  

যোৱা ৭ জুলাইত নিয়া আদালতে কাৰাগাৰ কৰ্তৃপক্ষক দুয়োগৰাকী কাৰাবন্দী নেতাৰ স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশনা দিছে।  গগৈৰ অসুস্থতা সন্দৰ্ভত আইজিপি দশৰথ দাসে জিপ্লাছক জনায় - "কালি নিয়া আদালতৰ আদেশমৰ্মে অখিল গগৈসহ বিতু সোণোৱালৰ  শ্বাৱ কালেকশ্যন কৰা হৈছে। পূৰ্বৰে পৰা অখিল গগৈ চৰ্মৰোগত ভুগি আছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীনত অখিল গগৈৰ চিকিৎসা চলি আছে।   বাহিৰত প্ৰকাশ হোৱা নিচিনাকৈ ইমান গুৰুত্বৰ নহয়, ইয়াৰোপৰি কাৰাগাৰৰ চিকিৎসকে তেওঁলোকক তদাৰক কৰি আছে। । দুই তিনিদিনৰ ভিতৰত গগৈ সহ সোণোৱালৰ শ্বাৱ কালেকশ্যনৰ ফলাফল আহিব। আমি পৰৱৰ্তী সময়ত দৰকাৰ হ’লে চিকিৎসকৰ ব্য়ৱস্থা কৰিম। বৰ্তমান তেওঁলোক সুস্থ অৱস্থাত আছে।”


নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি যি প্ৰতিবাদী কাৰ্যসূচী গঢ় লৈ উঠিছিল সেই প্ৰতিবাদত উত্তাল কণ্ঠেৰে শাসকীয় গোষ্ঠীৰ বিৰুদ্ধে মাত মতাৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত ১২ ডিচেম্বৰ, ২০১৯ত অখিল গগৈক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। অখিল গগৈৰ সহ মানৱ কোঁৱৰ, লক্ষ্যজ্যোতি গগৈ, দিব্যজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। যোৰহাট সদৰ থানাত  ৰুজু হোৱা গোচৰত  ৩২৪৮/২০১৯ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক। আনকি তেওঁৰ বিৰুদ্ধে জাপি দিয়া হৈছিল ভাৰতীয় দণ্ডবিধি ১২০ (বি)/১৪৩/১৫৩/১৫৩(এ)/১৫৭/১৫৮/২৯১/৪৩১ ধাৰা।

বিগত ৭ মাহত শাসকীয় চৰকাৰে অখিল গগৈক কাৰাগাৰৰ চাৰিবেৰৰ মাজত বন্দী কৰি ইটোৰ পাছত সিটোকৈ বেআইনী কৰ্ম কৰি থকাতো চৰকাৰৰ ভীৰুতা পৰিলক্ষিত হৈছে লগতে অখিল গগৈক বিনাচৰ্তে কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ  বহুসংখ্যক লোকে সামাজিক মাধ্যমত দাবী উত্থাপন কৰিছে।  বৰ্তমান কাৰাগাৰাৰ ভিতৰত কৃষক নেতাগৰাকীৰ জীৱনলৈ ভাবুকি অহা পৰিলক্ষিত হৈছে বুলি আশংকা কৰিছে তেওঁৰ পৰিয়াল তথা শুভাকাংশীসকলে।