নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰীৰ ডেথ ৱাৰেণ্ট জাৰি; ৩ মাৰ্চত হ’ব ফাঁচী

Friday, 03 April 2020

দৈনিক বাতৰি

নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰীৰ ডেথ ৱাৰেণ্ট জাৰি; ৩ মাৰ্চত হ’ব ফাঁচী

জিপ্লাছ | February 17, 2020 18:22 hrs

গুৱাহাটী - সোমবাৰে দিল্লীৰ আদালতে তৃতীয় বাৰৰ বাবে নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰী– মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা আৰু অক্ষয় ঠাকুৰৰ ডেথ ৱাৰেণ্ট জাৰি কৰিছে ।

সেই অনুসৰি নিৰ্ভয়া কাণ্ডৰ ৪ ধৰ্ষণকাৰীক অহা ৩ মাৰ্চৰ পুৱা ৬ বজাত ফাঁচী দিয়া হ’ব ।

উল্লেখ্য যে আদালতে ইয়াৰ পূৰ্বে ২২ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত ডেথ ৱাৰেণ্ট জাৰি কৰিছিল । কিন্তু নির্ভয়া কাণ্ডৰ অপৰাধী মুকেশে দিল্লীৰ ন্যায়ালয়ত ক্ষমা ভিক্ষাৰ আবেদন দাখিল কৰাৰ পিছত আদালতে পূর্বতে নির্ধাৰণ কৰা ফাঁচিৰ তাৰিখত স্থগিতাদেশ জাৰি কৰিছিল ৷