১ ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমোৱা হ’ব নিৰ্ভয়াকাণ্ডৰ চাৰি অপৰাধীক

Saturday, 29 February 2020

দৈনিক বাতৰি

১ ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমোৱা হ’ব নিৰ্ভয়াকাণ্ডৰ চাৰি অপৰাধীক

জিপ্লাছ ব্যুৰ’ | January 17, 2020 17:25 hrs

গুৱাহাটী - ২২ জানুৱাৰীৰ পৰিৱৰ্তে এতিয়া অহা ১ ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমোৱা হ’ব নিৰ্ভয়া কাণ্ডৰ চাৰিটা মুখ্য অপৰাধীক। অহা ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাতেই পূৰ্ব নিৰ্ধাৰিত স্থানতেই ফাঁচীকাঠত দিয়া হ’ব দিল্লীৰ জঘন্য ধৰ্ষণ তথা হত্যাকাণ্ডৰ চাৰিওটা অপৰাধীক। এই কথা উল্লেখ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে অন্যতম অপৰাধী মুকেশ সিঙে দাখিল কৰা ক্ষমাদানৰ আৰ্জি আবেদনৰ পৰিপ্ৰেক্ষিততে সকলো ক্ষমাদানৰ সিদ্ধান্ত লাভ নকৰা পৰ্যন্ত ফাঁচী দিব পৰা নাযাব বুলি উল্লেখ কৰি ফাঁচিৰ বাবে নতুন তাৰিখ বিচাৰিছিল তিহাৰ জেল কৰ্তৃপক্ষই।

প্ৰতিবাৰতেই একোখন আবেদন দাখিল আৰু খাৰিজ কৰাৰ মাজত ১৪ দিনৰ ব্যৱধান থকাটো বাধ্যতামূলক, আৰু সেইবাবেই মুকেশ সিঙে দাখিল কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত ২২ জানুৱাৰীত ফাঁচী দিব পৰা নগ’ল কুখ্যাত অপৰাধীকেইটাক।

উল্লেখ্য যে আজি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও মুকেশ সিংৰ ক্ষমাদানৰ আবেদন খাৰিজ কৰিছে।

স্মৰ্তব্য যে ২০১২ চনৰ ১৬ ডিচেম্বৰত এগৰাকী ২৩ বছৰীয়া চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক ছাউথ দিল্লীত এখন চলন্ত বাছত এই লম্পটকেইটাই ধৰ্ষণ কৰাৰ লগতে অকথ্য শাৰীৰিক নিৰ্যাতন চলাই পথৰ দাঁতিত পেলাই দিছিল। পৰৱৰ্তী পৰ্যায়ত নিৰ্ভয়া নামেৰে জনাজাত হোৱা এই ছাত্ৰীগৰাকীয়ে ছিংগাপুৰৰ এখন চিকিৎসালয়ত ২৯ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল।