নিজামুদ্দিনৰ লগত সম্পৰ্ক থকা লোকসকলক কালিৰ ভিতৰত জিলা প্ৰশাসনক যোগাযোগ কৰিবলৈ সকিয়নী হিমন্ত বিশ্ব শৰ্মাৰ
৪ এপ্ৰিল, গুৱাহাটীঃ ৰাজ্যত ক্ষিপ্ৰতাৰে বৃদ্ধি হৈছে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা। আজি বিয়লি এই সন্দৰ্ভত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে।
নিজামুদ্দিনৰ লগত সম্পৰ্ক থকা লোকসকলে যদি ৫ তাৰিখৰ ভিতৰত প্ৰশাসনক যোগাযোগ নকৰে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়নী প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।লগতে সকলো জিলা কৰ্তৃপক্ষক নিজামুদ্দিন মাৰ্কাজত যোৱা লোকসকলৰ তালিকা যুগুত কৰিবলৈ মন্ত্ৰী শৰ্মাই নিৰ্দেশ দিয়ে।
শৰ্মাই কয় -"এতিয়ালৈ অসমৰ পৰা নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰা ৮১২ গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে ভিতৰত ৬৩৬ গৰাকীৰ ক'ৰোনা ভাইৰাছ নিগেটিভ উলায় আৰু ২৪ গৰাকী লোকৰ পজিটিভ উলায়।"
শেহতীয়াকৈ ক'ৰোনাত আক্ৰান্ত লোকসকলক আছুতীয়াকৈ চিকিৎসা প্ৰদান কৰি থকা হৈছে।