‘কা ঘেণ্টাও আহিব নিদিওঁ।’ আনজনে আকৌ ‘য়েছ কা।’
দৈনিক বাতৰি

‘কা ঘেণ্টাও আহিব নিদিওঁ।’ আনজনে আকৌ ‘য়েছ কা।’

জিপ্লাছ নিউজ ডেস্ক | February 27, 2020 12:42 hrs

২৭ ফেব্ৰুৱাৰী, গুৱাহাটী: দুই বন্ধুৰ মতানৈক্য। সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দুই বন্ধুৰ হাতত হাত ধৰি কা ৰ মতবিৰোধ কৰাৰ ভিডিঅ’ই ছচিয়েল মিডিয়াত ব্যাপক ভাৱে ভাইৰেল হৈছে।  

‘কা ইজ দেয়াৰ।’ ‘কা ঘেণ্টাও আহিব নিদিওঁ, মোডীকে আহিব নিদিওঁ, কা ক’ত আহিব দিম।’ কালি কাহিলীপাৰাত এখন হোটেলৰ শুভাৰম্ভ কৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু ছবি প্ৰযোজক পবিত্ৰ মাৰ্ঘেৰিটাই হাতত হাত ধৰি ব্যংগাত্মকভাৱে কাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে। 

সৌ তাহানি দিনৰ পৰা নলেগলে লগা বন্ধু  জুবিন গাৰ্গ আৰু পবিত্ৰ মাৰ্ঘেৰিটা। এজন যদি কা বিৰোধী এজন মোডীভক্ত। পবিত্ৰ মাৰ্ঘেৰিটাৰ ‘কা ইজ দেয়াৰ’ৰ প্ৰত্যুত্তৰত লগে লগেই জুবিনে ‘ন’ কা’ বুলি তপৰাই দিয়া উত্তৰে ৰাজ্যবাসীক বাৰুকৈয়ে আমোদ যোগাইছে। 

জুবিন গাৰ্গে সংবাদমাধ্যমক কয় -“পবিত্ৰ মাৰ্ঘেৰিটাই জ্যেতি চিত্ৰবনত ভাল কাম কৰিছে। সম্প্ৰতি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি থকাৰ কাৰণে আন্দোলন কিছু স্তিমিত হ'লেও অসমত প্ৰধানমন্ত্ৰী মোদী এণ্ড টীমে জাপি দিব বিচৰা এই আইন কোনো কাৰণতে মানি লোৱা নহ'ব।” 
"ৰাজনৈতিক মতাদৰ্শ যেনেদৰে আমাৰ পৃথক ঠিক তেনেদৰে পবিত্ৰ আৰু মোৰ সম্পৰ্কও বহুত পৃথক। সৰ্বাদাক মুখ্যমন্ত্ৰী হিচাপে নহয়, ব্যক্তিগত এটা সম্পৰ্ক আছে কাৰণে সন্মান জনোৱাৰ বাবে বহুতে তাক ভুল বাখ্যা কৰিছিল। সেয়া হ'ব নালাগে। ব্যক্তিগত সম্পৰ্ক সম্পূৰ্ণৰূপে পৃথক। আজি পবিত্ৰ বিজেপিৰ নেতা হ'ল বুলিয়েই মই তাৰ সৈতে কথাও পাতিব নোৱাৰিম নেকি? সকলো কথা একাকাৰ কৰি বেছি নেতিবাচক ৰূপ দিব নালাগে।"


লগতে নতুন ৰাজনৈতিক দলৰ সন্দৰ্ভত জুবিনে কয় -“মই দলত নাই, মই অকলে। দল খোলাটো ইমান সাধাৰণ কথা নহয়। বিজেপিৰ হাতত বহুত টকা আছে। কা টো ঠিক হৈ লওঁকচোন।” 

আনহাতে পবিত্ৰ মাৰ্ঘেৰিটাই জুবিনৰ প্ৰত্যোত্তৰত কয় - “জুবিন গাৰ্গৰ নিজৰ এক ৰাজনৈতিক স্থিতি আছে। তেওঁৰ স্থিতিক আমি সন্মান জনাওঁ। ঠিক সেইদৰে মোৰো এক স্থিতি আছে। আমি নৰেন্দ্ৰ মোডীৰ ভক্ত। মই কা সমৰ্থন কৰোঁ।”