উইপ্ৰোৰ ধন পৰিশোধ নকৰাৰ বাবেই ‘অদৃশ্যমান’ হৈ পৰিল এনআৰচিৰ তথ্য
গুৱাহাটী - কেবাকোটি টকা পৰিশোধ কৰিবলৈ বাকী থকা বাবেই এনআৰচিৰ সমস্ত তথ্য ‘সাময়িকভাৱে অদৃশ্যমান’ হৈ পৰিল ৱেবছাইটৰ পৰা। জানিব পৰামতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (অসম)ৰ সমস্ত তথ্য সন্নিৱিষ্ট কৰি ৰখা ৱেবছাইটটোৰ তদাৰক কৰিছিল উইপ্ৰো নামৰ প্ৰখ্যাত প্ৰতিষ্ঠানটোৱে।
উইপ্ৰোৰ তৰফৰ পৰা জনোৱা মতে, প্ৰতিমাহেকত পৰিশোধ কৰিবলগীয়া ৩ লাখ টকা ছাবস্ক্ৰিপশ্যন মাচুলৰ উপৰিও ৭০ কোটি টকাৰ আন এক বৃহৎ পৰিমাণৰ ধনৰাশি পৰিশোধ নকৰাৰ বাবেই সাময়িকভাৱে ৱেবছাইটটো নিস্ক্ৰিয় কৰি ৰখা হৈছে। যাৰ বাবে নাগৰিকসকলে তেওঁলোকৰ এনআৰচিৰ স্থিতি জানিব পৰা নাই।
বিগত অক্টোবৰ মাহতেই আই টি সেৱাৰ চুক্তিৰ ম্যাদ উকলি গৈছে যদিও ২০২০ ৰ জানুৱাৰী মাহৰ শেষলৈ এই সেৱা আগবঢ়াই থকা হৈছিল। ইমানৰ পিছতো ধন পৰিশোধ নকৰাৰ বাবেই এই সেৱা কৰ্তন কৰা হৈছে।