উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ আয়োজন পক্ষী মেলা
দৈনিক বাতৰি

উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ আয়োজন পক্ষী মেলা

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 13:42 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : উত্তৰ- পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হ’ব পক্ষী মেলা। ৰাজ্যখনত কণী আৰু মাংসৰ ক্ৰমবৰ্ধিতৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত মেলা আয়োজন কৰা হ’ব। অসম কৃষি বিশ্ববিদ্যালয় আৰু সদৌ অসম বাণিজ্যিক পক্ষী পালক আৰু ব্যৱসায়ী সন্থাৰ যৌথ উদ্যোগত অহা ১৭ ৰ পৰা ১৯ অক্টোবৰলৈ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ এখন বাণিজ্যিক পক্ষী মেলাৰ আয়োজন কৰা হৈছে। 

এই মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ বহুজাতিক কোম্পানী, গৱেষক, উদ্যোগী আৰু প্ৰগতিশীল হাঁহ কুকুৰা পালকে ব্যৱহাৰ কৰিবলৈ লোৱা যন্ত্ৰ-পাতি, দানা, ঔষধ আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ ওপৰি এই মেলাত কুকুৰা পালন, হাঁহ পালনৰ লগতে ভিন্ন প্ৰজাতিৰ চৰাই পালনৰো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

পক্ষী মেলাৰ আয়োজক সমিতিৰ হৈ  ডঃ ধ্ৰুৱ জ্যোতি কলিতাই জনায় যে - “ এই মেলাত বিভিন্ন স্পৰ্শকাতৰ বিষয় যেনে ফাৰ্মৰ কমীৰ গুণগত দিশ, ব্ৰয়লাৰ মাংস খোৱাৰ ক্ষেত্ৰত থকা সন্দেহ, মাংসত এণ্টিবায়’টিক অৱস্থিতি আদি বিষয়ত সূক্ষ্মভাৱে আলোকপাত কৰি বিশ্লেষণ কৰা হ’ব।” 

Banner