গুৱাহাটীত অনুষ্ঠিত হ’ল ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিটি মঞ্চ’ৰ দ্বিতীয়খন বৈঠক
দৈনিক বাতৰি

গুৱাহাটীত অনুষ্ঠিত হ’ল ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিটি মঞ্চ’ৰ দ্বিতীয়খন বৈঠক

জিপ্লাছ নিউজডেস্ক | December 05, 2018 12:50 hrs

গুৱাহাটী - গুৱাহাটীত আজি নিটি আয়োগ আৰু ডনাৰ মন্ত্ৰালয়ৰ উদ্যোগত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিটি মঞ্চ’ৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈ যায়৷ বৈঠকত সভাপতিত্ব কৰে নিটি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰে, ইফালে বৈঠকত সহ-সভাপতি হিচাপে উপস্থিত থাকে ড’নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙ৷

বৈঠকত অংশগ্ৰহণ কৰি নিটি আয়োগৰ অধ্যক্ষ ড. ৰাজীৱ কুমাৰে কয় যে এতিয়াৰে পৰা প্ৰতিবছৰত উত্তৰ-পূৱৰ বাবে গঠিত এই ফ’ৰামে তিনিখনকৈ বৈঠক অনুষ্ঠিত কৰিব। চলিত বৰ্ষৰে বিগত ১০ এপ্ৰিলত আগৰতলাত এই ফ’ৰাম মুকলি হোৱা বৈঠকখনৰ পিছত আজি অনুষ্ঠিত বৈঠকখনেই ফ’ৰামৰ প্ৰথমখন কাৰ্যবাহী বৈঠক, তেওঁ লগতে কয় যে নিটি ফ’ৰামৰ বৈঠকসমূহৰ মাজে মাজে বিশেষজ্ঞ গোট বৈঠকসমূহো অনুষ্ঠিত হৈ থাকিব। তেওঁ কয় যে উত্তৰ-পূৱৰ বাবে বাস্তৱসন্মত তথা ৰূপায়নসাধ্য কাৰ্যপ্ৰণালী গ্ৰহণ কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁ লগতে উত্তৰ-পূৱ পৰিষদৰ সচিবকো বাঁহ, চাহ, পৰ্যটন, মৎস্য আৰু দুগ্ধক্ষেত্ৰৰ অভিজ্ঞ পেনেলৰ ৫ টা অনুমোদন উপস্থাপনৰো আহ্বান জনায়। তেওঁ কয়, “এই অঞ্চলৰ আৰ্থ-সামাজিক উত্তৰণৰ ক্ষীপ্ৰতাক অধিক তীব্ৰতৰ কৰি তোলাৰ বাবে ফ’ৰামে কাম কৰিবলৈ বিচাৰে। ই কাৰ্যপ্ৰণালীভিত্তিক কাম তথা দীৰ্ঘম্যাদী উত্তৰণমুখী কামৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিবলৈ বিচাৰে, যিয়ে সময়মাফিক ফলাফল প্ৰদান কৰিব পাৰে।” তেওঁ লগতে উল্লেখ কৰে যে নিটি ফ’ৰাম, উত্তৰ-পূৱ জল ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু উত্তৰ-পূৱ পৰিষদে এই অঞ্চলৰ বিভিন্ন গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ ক্ষেত্ৰক সমন্বয়তাৰে কাম কৰিব।

ডনাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে তেওঁৰ ভাষণ প্ৰসংগত ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে৷ তেওঁ কয়, ‘‘অঞ্চলটোৰ বাবে উৎসৰ্গিত এই নিটি মঞ্চ এনেধৰণৰ প্ৰক্ৰিয়াৰ প্ৰথমটো পদক্ষেপ৷ এয়া প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৃষ্টি তথা চৰকাৰৰ এক অনন্য প্ৰয়াস যাৰ দ্বাৰা অঞ্চলটোৰ উন্নয়নৰ প্ৰতিবন্ধকসমূহ সমাধানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷’’ তাৰোপৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদক্ষেপ যেনে ৰাষ্ট্ৰীয় বাঁহ অভিযান, স্বাস্থ্য খণ্ডৰ কাৰ্যসূচী, ষ্টাৰ্ট আপ ইণ্ডিয়া, উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে অঞ্চলটোৰ বাহিৰত ইয়ুথ হোষ্টেলছ, চাহ খণ্ড আদিত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়েও দোহাৰে৷ তেওঁ কয়, ‘‘যিহেতু উত্তৰ পূৰ্বাঞ্চল দেশৰ ভিতৰতে অনন্য, সেয়ে এই অঞ্চলটোৰ উন্নয়নৰ বাবে অনন্য আৰু বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷’’ মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বিত্ত আৱণ্টনৰ পৰিৱৰ্তিত ভিন্ন নমুনাৰ বিষয়েও উল্লেখ কৰে৷

বৈঠকখনত বিভিন্ন দিশত আলোচনাৰ হোৱাৰ লগতে নিটি-এনইআৰ মঞ্চই পাঁচটা প্ৰধান ক্ষেত্ৰ পৰ্যটন, বাঁহ, দুগ্ধপালন, পশুপালন, মীনপালন আৰু চাহ এই বৈঠকখনত চিনাক্ত কৰে৷ পেনেল আলোচনাৰ সময়ত জ্যেষ্ঠ চৰকাৰী বিষয়া তথা উদ্যোগসমূহৰ বিশেষজ্ঞসকল উপস্থিত আছিল৷ 

বাহঁ বিশেষজ্ঞৰ পেনেলটোৱে উদ্যোগ, প্ৰাধিকৰণ আৰু শৈক্ষিক ক্ষেত্ৰখনৰ মাজত উদ্যমিতা সৃষ্টিৰ পৰামৰ্শ আগবঢ়ায়। ইফালে চাহ বিশেষজ্ঞৰ পেনেলটোৱে চাহিদা আৰু যোগানৰ মাজৰ ভাৰসাম্যহীনতাৰ ওপৰত বিশেষ আলোচনা কৰে, লগতে ক্ৰমবৰ্ধিত মূল্য তথা সংগঠিত-অসংগঠিত খণ্ডসমূহৰ বিষয়েও আলোচনা কৰে। চাহ পৰ্যটনৰ বিষয়টোৱেও এইক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰে। আনফালে পৰ্যটন বিশেষজ্ঞৰ পেনেলটোৱে যোগাযোগ ব্যৱস্থা, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব, উড়ান আঁচনি, পৰ্যটকৰ থকা-খোৱাৰ ব্যৱস্থা তথা যাতায়াতৰ বিভিন্ন সা-সুবিধাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে লগতে আঞ্চলিক উৎসৱ-মহোৎসৱবোৰ যোনে ছাংহাই ফেষ্টিভেল, হৰ্ণবিল ফেষ্টিভেল আদিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ বিষয়ে আলোচনা কৰে, য’ত স্থানীয় ট্যুৰ অপাৰেটৰবোৰক সংযোজিত কৰি ৰাখিব পাৰি। মৎস্য আৰু দুগ্ধ বিশেষজ্ঞ পেনেলটোৱে আলোচনাৰ অন্তত বিশেষভাৱে প্ৰস্তুত কৰা এক প্ৰেজেণ্টেশ্যন প্ৰদৰ্শন কৰে।

বৈঠকখনত ভাষণ প্ৰদান কৰি ডনাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী নবীন বাৰ্মাই কয়, ‘‘২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নমূলক কাম-কাজসমূহৰ খতিয়ান লোৱাৰ উদ্দেশ্যে নিটি-এনইআৰ গঠন কৰা হৈছিল৷ মঞ্চখনে উন্নয়নৰ প্ৰতিবন্ধকসমূহ চিনাক্ত কৰি বহনক্ষম অৰ্থনৈতিক উত্তৰণৰ বাবে উপযুক্ত সমাধান আগবঢ়াই আহিছে৷’’ ইয়াৰোপৰি সচিবগৰাকীয়ে ভাষণ প্ৰসংগত কয়, ‘‘যোৱা বৈঠকত আন্তঃগাঁথনি, উদ্যান-শস্য, বাঁহ, পৰ্যটন, খাদ্য সংসাধন, জীৱিকা-নিৰ্বাহ, স্বাস্থ্য আদি সম্পৰ্কত আলোচনা কৰা হৈছিল৷ বৈঠকখনত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে এই ক্ষেত্ৰসমূহত উপলব্ধ প্ৰয়োজনীয়তাসমূহ চিনাক্ত কৰি অতিৰিক্ত উৎস ব্যৱহাৰৰ জৰিয়তে গুৰুত্বপূৰ্ণ আঁসোৱাহসমূহ দূৰ কৰি আঞ্চলিকভিত্তিত সময় অনুসৰি ফলাফল লাভৰ কথা অনুভূত কৰা হৈছিল৷’’ তেওঁ চৰকাৰৰ উল্লেখযোগ্য পদক্ষেপ যেনে ২৫ এপ্ৰিল ২০১৮ তাৰিখে অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ দ্বাৰা পুনঃগঠিত ৰাষ্ট্ৰীয় বাঁহ অভিযানে অঞ্চলটোত বাঁহ উৎপাদনত সামূহিক উন্নতিত যোগোৱা অৰিহণাৰ কথা উল্লেখ কৰে৷ ইয়াৰ জৰিয়তে অঞ্চলটোত বাঁহ খেতিৰ পৰিসীমা বৃদ্ধি কৰি বাঁহেৰে নিৰ্মিত সঁজুলি বিশেষকৈ হস্তশিল্পৰ বজাৰৰ প্ৰসাৰে অধিক গুৰুত্ব পাব৷

বৈঠকখনৰ আদৰণি ভাষণত উত্তৰ পূৰ্বাঞ্চল আয়োগ (এনইচি)ৰ সচিব শ্ৰী ৰাম মুইভাই নিটি মঞ্চৰ সদস্যসকলক আদৰণি জনায় আৰু বৈঠকখনৰ উদ্দেশ্যৰ এক চমু আভাস প্ৰদান কৰাৰ লগতে ১০ এপ্ৰিল ২০১৮ তাৰিখে আগৰতলাত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকৰ এক সাৰাংশও সদস্যসমূহৰ সন্মুখত দাঙি ধৰে৷ তেওঁ কয় যে এই মঞ্চখনে অঞ্চলটোক সৱলীকৰণ কৰাৰ লগতে অঞ্চলটোৰ উন্নয়নত সৃষ্টি হোৱা প্ৰতিবন্ধকসমূহ চিনাক্ত কৰি সমাধান প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷
 

Banner

ড’নাৰ মন্ত্ৰী ড. জীতেন্দ্ৰ সি