২২ জানুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ‘সম্পূৰ্ণ বন্ধ’ৰ ঘোষণা

Wednesday, 01 April 2020

দৈনিক বাতৰি

২২ জানুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ‘সম্পূৰ্ণ বন্ধ’ৰ ঘোষণা

জিপ্লাছ নিউজ ডেস্ক | January 21, 2020 12:20 hrs

২১ জানুৱাৰী, গুৱাহাটী : অহা ২২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব নাগৰিকত্ব সংশোধনী আইনৰ। কা বাতিলৰ দাবীত উত্তৰ- পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ সমাজে  ‘সম্পূৰ্ণ বন্ধ’ৰ ঘোষণা কৰে। 

বুধবাৰে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধিত আইন,২০১৯ৰ বৈধতাক প্ৰশ্ন তুলি সৰ্বোচ্চ ন্যায়ালয়খনত দাখিল কৰা আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব। 

উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে আশা ব্যক্ত কৰিছে যে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে উত্তৰ –পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত ‘কা’ৰ ধ্বংসাত্মক প্ৰভাৱৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিব।

সম্পূৰ্ণ বন্ধৰ ঘোষণা কৰা বিশ্ববিদ্যালয়সমূহৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, নৰ্থ ইষ্টাৰ্ণ হিল য়ুনিভাৰ্ছিটি, তেজপুৰ বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় আৰু নেৰিষ্ট।

উচ্চতম ন্যায়ালয়ে আছু, ইণ্ডিয়ান মুছলীম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কা’ বিৰোধী আবেদনৰ শুনানিৰ দিন ২২ জানুৱাৰী নিৰ্দ্ধাৰণ কৰিছিল। আৰ জে ডি নেতা মনোজ ঝা, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু এ আই এম আই এম নেতা আছাউদ্দিন ওৱেছিয়েও উচ্চতম ন্যায়ালয়ে নতুন নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে।