ভূটান ভ্ৰমনৰ বাবে পৰ্যটকে পৰিশোধ কৰিব লাগিব ১২০০ টকাকৈ
দৈনিক বাতৰি

ভূটান ভ্ৰমনৰ বাবে পৰ্যটকে পৰিশোধ কৰিব লাগিব ১২০০ টকাকৈ

জিপ্লাছ নিউজ ডেস্ক | February 05, 2020 11:24 hrs

৫ ফেব্ৰুৱাৰী, গুৱাহাটী : চলিত বৰ্ষৰ জুলাই মাহৰ পৰা ভাৰতীয় পৰ্যটকে ভূটান ভ্ৰমৰ বাবে পৰিশোধ কৰিব লাগিব প্ৰৱেশ মূল্য। ভূটানত ক্ৰমাৎ বৰ্ধিত পৰ্যটকৰ ওপৰত লক্ষ্য ৰাখি ভূটান চৰকাৰে ভূটানৰ ৰাষ্ট্ৰীয় সদনত এই নতুন পৰ্যটন নীতিত স্বাক্ষৰ কৰে। 

এই নতুন নীতিমৰ্মে  জুলাই মাহৰ পৰা ভাৰত, মালদ্বীপ আৰু বাংলাদেশৰ পৰ্যটকসকলে পৰিশোধ কৰিব লাগিব এই প্ৰৱেশ মূল্য। ৫ বছৰৰ তলৰ শিশুসকলে বিনামূল্যে প্ৰৱেশ কৰিব পাৰিব, ৬ বছৰৰ পৰা ১২ বছৰৰ শিশুসকলে পৰিশোধ কৰিব লাগিব ৬০০ টকাকৈ আৰু ১৩ বছৰৰ উৰ্দ্ধৰ পৰ্যটকসকলে ১২০০ টকাকৈ পৰিশোধ কৰিব লাগিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভূটানলৈ বিনামূল্যে যাব পাৰিছিল পৰ্যটকসকল। ৰাষ্ট্ৰখনৰ উন্নয়নৰ কাৰণে এই পন্থা অৱলম্বন কৰিছে ভূটান চৰকাৰে। 

আনহাতে ২০১৯ বৰ্ষত বিশ্বৰ পৰ্যটন মানচিত্ৰত দহখন দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছিল ভূটানে। লগতে ২০২০ চনত ভ্ৰমণ কৰিবলৈ আটাইতকৈ উপযুক্ত যেন লগা দেশকেইখনৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ভূটানে।