নাৰ্ছ সন্থাৰ প্ৰতিবাদত অচল ৰাজ্যৰ স্বাস্থ্য সেৱা, যোৰহাটত শোকাবহ ঘটনা

Wednesday, 19 February 2020

দৈনিক বাতৰি

নাৰ্ছ সন্থাৰ প্ৰতিবাদত অচল ৰাজ্যৰ স্বাস্থ্য সেৱা, যোৰহাটত শোকাবহ ঘটনা

জি প্লাছ নিউজডেস্ক | November 29, 2018 12:38 hrs

গুৱাহাটী - এক পদ এক বেতনৰ দাবীৰে দীৰ্ঘদিন ধৰি ৰাজ্য চৰকাৰৰ সঁহাৰি লাভৰ চেষ্টা কৰি অহাৰ পিছতো ব্যৰ্থ হোৱাৰ পিছত বিগত ২৬ নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্য জুৰি সদৌ অসম ধাত্ৰী সন্থাই আৰম্ভ কৰা প্ৰতিবাদত অচল হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্যসেৱা। চৰকাৰী স্বাস্থ্য সেৱা ব্যাহত হোৱাৰ ফলত ব্যাপকভাৱে ভয়াবহ পৰিস্থিতিৰ সমূখীন হৈছে ৰোগী।

উন্নত দৰমহাৰ লগতে অন্যান্য প্ৰাপ্যৰ দাবীত সমগ্ৰ ৰাজ্যতেই সোমবাৰৰ পৰা চলি থকা জি এন এম নাৰ্ছসকলৰ প্ৰতিবাদে আজি চতুৰ্থ দিনত ভৰি দিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰাংগনতো বিভিন্ন প্ৰাপ্যৰ দাবীত চতুৰ্থ দিনাও প্ৰতিবাদ সাব্যস্ত কৰে নাৰ্ছসকলে। প্ৰতিবাদে অধিক আগ্ৰাসী ৰূপ ধাৰণ কৰাত আজি গুৱাহাটীত প্ৰতিবাদ কৰা নাৰ্ছসকলক আটক কৰিবলৈ বাধ্য হয় মহানগৰ আৰক্ষী।

উল্লেখ্য যে, GNM নাৰ্ছসকলে সপ্তম দৰমহা আয়োগৰ সঠিক ৰূপায়ণ, ‘নাৰ্ছ’ৰ পৰিৱৰ্তে ‘ষ্টাফ নাৰ্ছ’ পদবীৰ পুনৰ প্ৰচলন, জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি আদি বিভিন্ন দাবীক লৈ প্ৰতিবাদ সাব্যস্ত কৰি নাৰ্ছসকলে অনিৰ্দিষ্ট কৰ্মবিৰতি পালন কৰিছে।

ইফালে নাৰ্ছসকলৰ এই প্ৰতিবাদৰ ফলতেই কৰুণ মৃত্যুক সাৱতি ল’বলগীয়া হ’ল ৪ টাকৈ শিশু আৰু দুগৰাকীকৈ প্ৰসূতিৰ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত প্ৰসূতি দুগৰাকী ক্ৰমে মহবন্ধাৰ পিংকী কাহাৰ আৰু মাজুলীৰ মিচিং গাঁৱৰ মইনা পাংগিং।

ইতিমধ্যে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিবাদকাৰী ৩৬০ গৰাকী নাৰ্ছক যোৰহাট জিলা প্ৰশাসনৰ আদেশক্ৰমে প্ৰশাসনে আটক কৰিছে।

ইপালে GNM নাৰ্ছৰ প্ৰতিবাদৰ ৪ৰ্থ দিনা চৰকাৰে জনাইছে সঁহাৰি। প্ৰতিবাদকাৰী GNM নাৰ্ছসকলক আলোচনালৈ আমন্ত্ৰণ জনাইছে ৰাজ্য চৰকাৰে। অসম সচিবালয়ত অনুষ্ঠিত হ’ব এই আলোচনা। নাৰ্ছসকলৰ সৈতে আলোচনাত বহিব মন্ত্ৰী পীয়ূষ হাজৰিকা।

উল্লেখ্য যে সদৌ অসম ধাত্ৰী সন্থাই এক পদ এক বেতনৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহা সত্ত্বেও ৰাজ্য চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো সঁহাৰি দিয়া নাছিল।