তৈলক্ষেত্ৰৰ সন্ধান আৰু উৎপাদনৰ বাবে কেন্দ্ৰৰ লগত চুক্তি অইল ইণ্ডিয়া লিমিটেডৰ
দৈনিক বাতৰি

তৈলক্ষেত্ৰৰ সন্ধান আৰু উৎপাদনৰ বাবে কেন্দ্ৰৰ লগত চুক্তি অইল ইণ্ডিয়া লিমিটেডৰ

জি প্লাছ নিউজডেস্ক | July 20, 2019 19:08 hrs

১৯ জুলাই, গুৱাহাটী: দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ লাভজনক তৈল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে নিবিদাৰ যোগেদি ১২টা তেল আৰু গেছ ব্লক লাভ কৰাৰ পিচতেই কালি ভাৰত চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে। 

কালি কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত ১২ টা তেল আৰু গেছৰ ব্লকৰ অন্বেষণ আৰু উৎপাদনৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াসকলে চুক্তিত স্বাক্ষৰ কৰে বুলি জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ ডাইৰেক্টৰ জেনেৰেল অৱ হাইড্ৰকাৰ্বনে অ’পেন ত্ৰক্ৰেজ লাইচেন্সিং পলিচীৰ আধাৰত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ছটা ছটাকৈ মুঠ বাৰটা তেল আৰু গেছৰ ব্লক এই ইণ্ডিয়া লিমিটেডে লাভ কৰিবলৈ সক্ষম হৈছিল।ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান বেদান্তাই ১০ টা, অ’ এন জি চিয়ে আঠটা, ইণ্ডিয়ান অইল কৰপ’ৰেচনে এটা আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে আৰু ব্ৰটিছ কোম্পানীয়ে যৌথভাবে এটা ব্লক লাভ কৰিছিল।

অইল ইণ্ডিয়া লিমিটেডে এই নিলামত উড়িশাৰ মহানদীৰ পাচঁটা ব্লক, আন্দামানৰ ক্ষেত্ৰখনৰ দুখন ব্লক,ৰাজস্থানৰ এটা, নাগালেণ্ড অসম আৰাকানৰ এটা, ত্ৰিপুৰা অসম ছেলফ এটা, কেৰেলা কংকানৰ এটা ব্লক লাভ কৰিবলৈ সক্ষম হয়।

অইলে লাভ কৰা এই ব্লকৰ মুঠ এলেকা চৌত্ৰিশ হাজাৰ দুশ ত্ৰিশ দশমিক আঠ বৰ্গ কিল’মিটাৰ। ইয়াৰে একৈশ হাজাৰ তিৰানব্বৈ দশমিক সাত ন বৰ্গ কিল’মিটাৰ ভূমিভাগ আৰুতেৰ হাজাৰ এশ ছয়ত্ৰিশ দশমিক তিনি ন বৰ্গ কিল’মিটাৰ জলভাগ উদ্যোগ প্ৰতিষ্ঠানটোৱে লাভ কৰিছে।

Banner