পৰেশ চন্দ্ৰ বৰুৱা হত্যাকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ 
দৈনিক বাতৰি

পৰেশ চন্দ্ৰ বৰুৱা হত্যাকাণ্ডৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ 

জিপ্লাছ নিউজ ডেস্ক | January 10, 2020 16:29 hrs

১০ জানুৱাৰী, গুৱাহাটী : পৰেশ চন্দ্ৰ বৰুৱা হত্যাকাণ্ডৰ লগত জড়িত এজন অপৰাধীক গ্ৰেপ্তাৰ। শুক্ৰবাৰে অসম আৰক্ষীৰ মহানগৰ অপৰাধ সন্থাই অনুসন্ধান চলাই ওদালগুৰিৰ হিমাংশু বৰ্মন নামৰ এজন লোকক আটক কৰে।

প্ৰাপ্ত তথ্যমতে প্ৰয়াত বৰুৱাৰ ঘৰত গাড়ীৰ চালক হিচাপে কৰ্মৰত আছিল হিমাংশু বৰ্মন নামৰ লোকজন। বিগত কেবামাহৰ পূৰ্বে  হিমাংশুক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। 

স্মৰ্তব্য যে, জানুৱাৰী ৮ তাৰিখে দিছপুৰৰ নিজ বায়ভৱনতে ৰহস্যভাৱে হত্যা কৰা হৈছিল পৰেশ চন্দ্ৰ বৰুৱাক। 

সম্প্ৰতি আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।