One More COVID-19 Death Recorded in Assam | Assamese News

Tuesday, 02 June 2020

দৈনিক বাতৰি

অসমত মৃত্যু হ’ল তৃতীয়গৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ

জিপ্লাছ | May 18, 2020 12:35 hrs

১৮ মে’, গুৱাহাটী - আজি আন এগৰাকী ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে গুৱাহাটীত। গুৱাহাটী মেডিকেল কলেজ হস্পিতালত মৃত্যু হৈছে এগৰাকী ৭১ বছৰীয়া ক’ভিড আক্ৰান্ত লোকৰ। এই পৰ্যন্ত অসমত ৩ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত লোকগৰাকীৰ নাম গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰ বুলি জানিব পৰা গৈছে। লোকগৰাকী কিছুদিন পূৰ্বে মুম্বাইৰ পৰা গুৱাহাটীলৈ উভতি আহিছিল। 

কৰ্কট ৰোগত আক্ৰান্ত আছিল ব্যক্তিগৰাকী। আজি দিনৰ ১১.০৫ বজাত লোক গৰাকীৰ মৃত্যু হৈছে বুলি নিশ্চিত কৰে মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।