অসম ৰাজ্যিক চিৰিয়াখানাৰ নতুন আলহী

Tuesday, 18 February 2020

দৈনিক বাতৰি

অসম ৰাজ্যিক চিৰিয়াখানাৰ নতুন আলহী

জিপ্লাছ নিউজ ডেস্ক | December 05, 2019 16:47 hrs

৫ ডিচেম্বৰ, গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানাৰ নতুন আলহী। সুদূৰ ৩৩০০ কিমি অতিক্ৰম কৰি  মহিসুৰ চিৰিখানাৰ পৰা আজি ৰাতিপুৱা অসম ৰাজ্যিক চিৰিয়াখানাত অন্য এটা মতা  জিৰাফ অনা হৈছে। 

জীৱ-জন্তু সাল সলনি আচঁনিৰ অধীনত ৮ বছৰৰ মূৰত অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ আগমন ঘটিছে।  ইয়াৰ পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানা আৰু সঞ্জয় গান্ধী  জৈৱিক উদ্যান মাজৰ এক সাল সলনি প্ৰক্ৰিয়াত পাটনাৰ পৰা এটা মাইকী জিৰাফ অনা হৈছিল। 

অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে মাইকী জিৰাফজনীৰ এখন ফটো টুইটযোগে প’ষ্ট কৰি লিখে -“জিৰাফহালক স্বাচ্ছন্দ্যতাৰে দেখি সুখী হৈছো।” 

প্ৰতিনিধিত্বমূলক ছবি