ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কয়ডীৰ ৰহস্যজনক মৃত্যু
দৈনিক বাতৰি

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু

জিপ্লাছ নিউজ ডেস্ক | October 09, 2019 18:01 hrs

৯ ছেপ্তেম্বৰ, গুৱাহাটী : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অঘটন। শুই থকা অৱস্থাতে ৰহস্যজনকভাৱে মৃত্যু হয় কয়ডীৰ। ২০০৭ চনত  নিজ পত্নীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল মৃত কয়ডীজনক। 

মৃত কয়ডীজনৰ নাম ববন উপধ্যায় তিৱাৰী। ২০০৭ চনত হত্যা কৰিছিল পত্নীক। ২০১১ চনত ডিব্ৰুগড় আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। 

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ১১ নং ৱাৰ্ডত শুই থকা অৱস্থাত লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কাৰাদণ্ড কৰ্তৃপক্ষই ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে।

Banner