NRC ৰ চূড়ান্ত তালিকাই চূড়ান্ত প্ৰতাৰণা কৰিলে অসমবাসীক। - অভিজিৎ শৰ্মা
দৈনিক বাতৰি

NRC ৰ চূড়ান্ত তালিকাই চূড়ান্ত প্ৰতাৰণা কৰিলে অসমবাসীক। - অভিজিৎ শৰ্মা

জিপ্লাছ ব্যুৰ’ | August 31, 2019 11:47 hrs

আজি প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা। এই চূড়ান্ত তালিকাত সন্নিৱিষ্ট হ’ল ৩ কোটিৰো অধিক নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯ লাখৰো অধিক লোক। অৱশ্যে এই ১৯ লাখ লোকৰ মাজত সেইসকল লোকৰো নাম সংখ্যা সন্নিৱিষ্ট আছে, যিসকলে দাবী-আপত্তিৰ বাবে পুনৰায় আবেদন কৰা নাই।

পিছে এনআৰচিৰ পৰা মাত্ৰ ১৯ লাখ লোক বাদ পৰাত খৰ্গহস্ত হৈ পৰিছে আছাম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মা। উল্লেখ্য যে এইগৰাকী অভিজিৎ শৰ্মাৰ লেখ আবেদনৰ ভিত্তিতেই দেশৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ নিৰ্দেশ জাৰি কৰিছিল। আজি এই পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছেতেই অভিজিৎ শৰ্মাই যথেষ্ট উষ্মা প্ৰকাশ কৰি কয়, “৮০ লাখ বিদেশৰ সেই সংখ্যাটো ক’ত? আমি সদায়েই সকীঁয়াই আহিছিলো যে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক কেতিয়াও বিশ্বাসত ল’ব নালাগে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত এনে কিছুমান লোক আচিল যিয়ে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক ইয়াত জড়িত হ’বলৈ নিদিলে।”

শৰ্মাই লগতে কয়, “পুনৰীক্ষণৰ বাবে কৰা বাৰম্বাৰ আহ্বানৰ পিছতো সেয়া কৰা নহ’ল। ছফ্টৱেৰৰ দিশটো চোৱাচিতা কৰা উইপ্ৰো নামৰ কোম্পানীটোৱেও যথেষ্ট সন্দেহজনক কাম কৰিলে। আপুনি যদিহে এনে এগৰাকী লোকক এনআৰচিত নাম  সন্নিৱিষ্ট কৰাৰ কথা কয়, যাৰ নাগৰিকত্বই সন্দেহজনক, যিয়ে প্ৰচুৰ পৰিমাণৰ অবৈধ প্ৰব্ৰজনকাৰী বসবাস কৰি থকা ঠাই যেনে চৰ এলেকাত বসবাস কৰে, তেনে এগৰাকী লোকে নিশ্চিতভাৱে যথাসম্ভৱ নাম অন্তৰ্ভুক্ত কৰিবই।”

শৰ্মাই এই সমগ্ৰ প্ৰক্ৰিয়াটোকেই ধনৰ শৰাধ বুলি অভিহিত কৰি কয়, “এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ১৬০০ কোটি টকা পানীত পেলালে। আমাৰ জীৱনৰ মূল্যৱান ১০ বছৰ এনেয়েই দিলো ইয়াৰ বাবে।”

তেওঁ যথেষ্ট আক্ষেপ প্ৰকাশ কৰি কয়, “এনআৰচিয়ে অসমবাসী ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰিলে।”