অসমত বৰ্তমানলৈ ১০ হাজাৰ ক'ভিডৰ টীকাকৰণ | অসম নিউজ
দৈনিক বাতৰি

অসমত বৰ্তমানলৈ ১০ হাজাৰ ক'ভিডৰ টীকাকৰণ

জি প্লাছ নিউজ | January 22, 2021 12:59 hrs

গুৱাহাটী: সমগ্ৰ দেশতে ১৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছে ক'ভিড মহামাৰীৰ বিৰুদ্ধে টীকাকৰণ । ব্যতিক্ৰম নহয় অসমো । বৃহস্পতিবাৰে অসমৰ ৩,০৯১ গৰাকী লোকক প্ৰদান কৰা হয় টীকাকৰণ । 


ইয়াৰ লগে-লগে অসমত প্ৰথম পৰ্যায়ত বৰ্তমানলৈকে ১০,৬৭৬ গৰাকী লোকক প্ৰদান কৰা হৈছে ক'ভিডৰ টীকাকৰণ । উল্লেখ্য যে, প্ৰথম পৰ্যায়ত দেশৰ স্বাস্থ্য কৰ্মী সকলক প্ৰদান কৰা হৈছে ক'ভিডৰ টীকাকৰণ ।


অসমত বৰ্তমানলৈকে ৬৩,৩১,২৭১ গৰাকী লোকক ক'ভিড পৰীক্ষণ কৰাৰ বিপৰীতে ২১ জানুৱাৰীলৈ অসমত পোহৰলৈ আহিছে ২,১৬,৯৫৪ গৰাকী লোকৰ দেহত ক'ভিড ভাইৰাছ । অৱশ্যে ইয়াৰে ২,১৩,২৯৫ গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে বৰ্তমানলৈ ৰাজ্যত ক'ভিডত মৃত্যু হৈছে ১০৭৭ গৰাকী লোকৰ ।


অসমত এতিয়াও ক'ৰোণাত চিকিৎসাধীন হৈ আছে ১,২২১ গৰাকীকৈ ৰোগী ।