ৰাজ্যৰ ২২ লাখ নিৱনুৱাক লৈ সদনত আলোচনাৰ প্ৰস্তাৱ বিধায়ক  পদ্ম হাজৰিকাৰ

Wednesday, 21 October 2020

দৈনিক বাতৰি

ৰাজ্যৰ ২২ লাখ নিৱনুৱাক লৈ সদনত আলোচনাৰ প্ৰস্তাৱ বিধায়ক  পদ্ম হাজৰিকাৰ

জিপ্লাছ নিউজ ডেস্ক | July 27, 2019 15:44 hrs

২৭ জুলাই, গুৱাহাটী : ৰাজ্যখনৰ ২২ লাখ নিবনুৱা যুৱক- যুৱতী কৰ্মস্থানৰ অভাৱত বহিঃ ৰাজ্যলৈ যোৱাৰ সন্দৰ্ভত বিশেষ আলোচনাৰ ব্যৱস্থা ল’বলৈ বিজেপি দলৰ বিধায়ক  পদ্ম হাজৰিকাই সদনত প্ৰস্তাৱ উত্থাপন কৰে। যোৱা ২৬ জুলাইৰ পৰা আৰম্ভ হৈছে বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন।

ৰাজ্যখনত কৰ্ম সংস্থাপনৰ অভাৱত নিবনুৱা যুৱকসকল বহি:ৰাজ্যলৈ ঢাপলি মেলে। ফলত বহু যুৱক- যুৱতীয়ে দুৰ্ভাগ্যজনকভাৱে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।ইয়াৰে একাংশই হতাশাত ভূগি উগ্ৰপন্থী গোটলৈও ঢাপলি মেলে।

কুটীৰ শিল্প, ক্ষুদ্ৰ উদ্যোগ স্থাপনকে ধৰি ৰাজ্য চৰকাৰে কেতবোৰ উন্নয়নমূলক পদক্ষেপ ললেও বেংকসমূহেও নিবনুৱাসকলক ঋণ বা সাহায্য প্ৰদানত কোনো সহযোগিতা নকৰাৰ অভিযোগ উত্থাপন কৰে বিধায়কজনে। 

নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ লগতে চৰকাৰী আঁচনিসমূহৰ তদাৰকীৰ দায়িত্ব নিষ্ঠাৱান বিষয়াৰ হাতত অৰ্পণ কৰাৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিধায়ক হাজৰিকাই এই সন্দৰ্ভত জিলা ভিত্তিত সমন্বয়ৰক্ষী গোট গঠনৰ পোষকতা কৰে।


 

প্ৰতিনিধিমূলক ছবি