কোন কোন মন্ত্ৰী-বিধায়ক-প্ৰাক্তন বিধায়কে দিলে পঞ্চায়ত নিৰ্বাচনত ভোট 
দৈনিক বাতৰি

কোন কোন মন্ত্ৰী-বিধায়ক-প্ৰাক্তন বিধায়কে দিলে পঞ্চায়ত নিৰ্বাচনত ভোট 

জিপ্লাছ নিউজডেস্ক | December 05, 2018 12:04 hrs

গুৱাহাটী - আজি অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। এই পৰ্যন্ত বিভিন্ন মিশ্ৰিত ঘটনাৰাজিৰে চলি আছে ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ১৬ খন জিলাৰ বিভিন্ন স্থানত ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ মিলিল ভালেমান মন্ত্ৰী, বিধায়ক, প্ৰাক্তন মন্ত্ৰী বিধায়কৰ। এই পৰ্যন্ত কোন কোন মন্ত্ৰী বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ? ভোট দি উঠিয়েই কি ক’লে তেওঁলোকে ?

“৭৫ শতাংশ আসন বিজেপিয়ে লাভ কৰাটো খাটাং। অনায়াসে ন্যূনতম পয়সত্তৰ শতাংশ আসন আমি পাম। -  নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিয়েই মন্তব্য বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ।

সোণাৰিৰ বিধায়ক তথা প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ ৰাজ্যৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়েও সাব্যস্ত কৰিলে ভোটাধিকাৰ। সোণাৰিৰ সাপেখাতীৰ নগাহাট কছাৰী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে মন্ত্ৰী গগৈয়ে। ভোট দি প্ৰত্যয়েৰে গগৈৰ মত, “প্ৰথম পৰ্যায়ৰ গৰিষ্ঠ সংখ্যক আসন বিজেপিৰ জোলোঙালৈ যাব, সেয়া ধূৰূপ।”  

ইফালে তথ্য-প্ৰযুক্তি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নগাওঁত দিলে ভোট। নগাওঁ কলিয়াবৰৰ ২৩৯ নং কুঁৱৰীটোল মোক্তাব প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত মন্ত্ৰী মহন্তই সাব্যস্ত কৰিলে ভোটাধিকাৰ। ভোট দি মন্ত্ৰীগৰাকীৰ মন্তব্য, “কলিয়াবৰত অগপৰ ফলাফল ভাল হ’ব। চাৰিফালে আজি হাতীয়েই হাতী দেখিছো।”

কংগ্ৰেছ আমোলৰ গড়কপ্তানি মন্ত্ৰী অজন্তা নেওগৰ ভোটদান। গোলাঘাটৰ ফেছুৱাইল মোক্তাব প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন মন্ত্ৰী নেওগে। ভোটাধিকাৰ সাব্যস্ত কৰি নেওগৰ মন্তব্য, “সমগ্ৰ গোলাঘাট জিলাতে কংগ্ৰেছৰ ফলাফল ভাল হ’ব। বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে, সেয়ে প্ৰতাৰণাৰ উচিত শাস্তি দিবলৈ ভোটাৰ ওলাই আহিছে।”

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰো ভোটদান। ভোটদান কৰিয়েই বিধায়ক শইকীয়াৰ মন্তব্য, “খুমটাই সমষ্টিৰ চাৰিখন জিলা পৰিষদ, ১৮খন গাঁও আৰু আঞ্চলিক পঞ্চায়ত আৰু ১৮০টা ৱাৰ্ড বিজেপিয়ে দখল কৰিব।”

আনফালে ভোটৰ দিনাও বিজেপিৰ প্ৰতি আক্ৰমণাত্মক হৈয়েই আছে অগপ সভাপতি অতুল বৰা। আজি পুৱাই বোকাখাতৰ ৭৭নং জ্যোতি বিদ্যাপীঠ ভোটকেন্দ্ৰত ভোটদান কৰে অগপ সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। ভোটদান কৰি তেওঁ কয়, “বিজেপিয়ে বোকা ছটিওৱাৰ ৰাজনীতি কৰিছে। প্ৰথমবাৰৰ বাবে অসমত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে, গতিকে কোনো ভাল ফলাফল নাপাব।”

ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত মন্ত্ৰী-বিধায়কসকল