পঞ্চায়ত নিৰ্বাচন - ভোটগ্ৰহণৰ পূৰ্বেই নিৰ্বাচিত ৭৩৪ গৰাকী
দৈনিক বাতৰি

পঞ্চায়ত নিৰ্বাচন - ভোটগ্ৰহণৰ পূৰ্বেই নিৰ্বাচিত ৭৩৪ গৰাকী

জিপ্লাছ নিউজডেস্ক | December 05, 2018 12:40 hrs

গুৱাহাটী - আজিৰে পৰা আৰম্ভ হৈছে অসম পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আজিৰ দিনটোৰ বাবেই ইমান উৎকন্ঠা। প্ৰচাৰৰ বাবে, ভোটাৰক মুহিবৰ বাবে, সকলোতকৈ আকৰ্ষণীয়ভাৱে নিজৰ স্থিতি শক্তিশালী কৰি ৰখাৰ বাবে শাৰীৰিকভাৱে, মানসিকভাৱে নেৰানেপেৰা কষ্ট কৰাৰ পিছত আজিৰ দিনটোৱে যেন ৰাজ্যৰ ৭৮,৫৭১ গৰাকী প্ৰাৰ্থীক প্ৰতিদিনেই উৎকন্ঠিত কৰি ৰাখিছিল। পিছে ভোটগণনা আৰু ফলাফল ওলাব ১২ তাৰিখেহে। অৰ্থাৎ উৎকন্ঠাৰ শেষ নাই। অস্থিৰতাৰ শেষ নাই। জিকিলেতো ভালেই, নিজিকিলে ধন-বিতো যাব, কষ্টও অথলে যাব, সপোনো ভাগিব, মুখলজ্জাৰ কথা নকলোৱেইবা! 

পিছে নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বতেই জয়ৰ উল্লাস দেখা গ’ল এইখন অসমতেই। সেয়া এজন দুজন প্ৰাৰ্থীয়ে নহয়, ৭৩৪ গৰাকী প্ৰাৰ্থীয়ে আনন্দ উল্লাস প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিলে নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বেই। কিয়নো এইসকল প্ৰাৰ্থীয়ে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা এই ৭৩৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৮০ গৰাকী বিজেপিৰ প্ৰাৰ্থী। ইফালে ১৯৩ গৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীয়েও বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।  অৱশ্যে ৰাজ্য চৰকাৰৰ মিত্ৰদল অগপৰো ২৮ গৰাকী প্ৰাৰ্থী এনেদৰে নিৰ্বাচিত হৈছে। আনফালে AIUDFৰ ১০ গৰাকী প্ৰাৰ্থী, এগৰাকী CPI(M)ৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছে।

BPF দলৰো ৫ গৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। এইবাৰৰ নিৰ্বাচনত ১১৭ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে প্ৰথম পৰ্যায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ৪৪২গৰাকী প্ৰাৰ্থী আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নিৰ্বাচিত হৈছে ২৯২ গৰাকী প্ৰাৰ্থী।

স্মৰ্তব্য যে পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ মুঠ ৭৮,৫৭১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়ত ৪৩,৫১৫ গৰাকী আৰু দ্বিতীয় পৰ্যায়ত ৩৫,০৫৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

প্ৰতীকী ছবি