অসমৰ চাহ উদ্যোগত বিপৰ্যয়, চাহ উৎপাদনৰ সংখ্যা ৪৮.৩২ শতাংশলৈ হ্ৰাস 
দৈনিক বাতৰি

অসমৰ চাহ উদ্যোগত বিপৰ্যয়, চাহ উৎপাদনৰ সংখ্যা ৪৮.৩২ শতাংশলৈ হ্ৰাস 

জিপ্লাছ নিউজ ডেস্ক | July 13, 2020 12:05 hrs

১৩ জুলাই, গুৱাহাটী: অসমৰ চাহ উদ্যোগসমূহত বিপৰ্যয়।  ৰাজ্যত কৰ’ণা আৰু বানৰ ফলত অসমৰ চাহ উদ্যোগসমূহত যথেষ্টভাৱে প্ৰভাৱ পৰিছে। ভাৰতৰ চাহ উৎপাদন সমিতিৰ তথ্য অনুসৰি যোৱা বছৰৰ তুলনাত অসমত ফেব্ৰুৱাৰীৰ পৰা জুন মাহলৈ  অসমত চাহ উৎপাদনৰ হাৰ ৪৮.৩২ শতাংশলৈ হ্ৰাস হৈছে।  

বিগত ২০১৯ বৰ্ষত অসমত ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহলৈ ২২০.০৪ মিলিয়ন কিলোগ্ৰাম চাহ খেতি উৎপাদন হৈছিল। উল্লেখ্য যে এই সময়ছোৱাই চাহপাত ছিঙাৰ উত্তম সময়। কিন্তু অসমত বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ তুলনাত চাহ উৎপাদনৰ সংখ্যা ১০৬.৩২ মিলিয়ন কিলোগ্ৰামলৈ হ্ৰাস হৈছে। 

চাহ সমিতিয়ে এক প্ৰেছ বিবৃত্তি অনুসৰি ক’ভিড ১৯ৰ এই জটিল সময়ত সামগ্ৰিকভাৱে চাহ উৎপাদন তথা চাহ উদ্যোগসমূহৰ লগতে বাগানৰ কৰ্মচাৰীসকলক মজুৰী আৰু বোনাছ প্ৰদান কৰাটো সমস্যাৰ সৃষ্টি হৈছে বুলি জানিবলৈ দিয়ে।