নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালত ৰোগী সুৰক্ষা সপ্তাহ

Friday, 03 April 2020

দৈনিক বাতৰি

নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালত ৰোগী সুৰক্ষা সপ্তাহ

জি প্লাছ নিউজডেস্ক | December 08, 2018 15:50 hrs

গুৱাহাটী – ২১ শতিকাত যিকোনো আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ বাবেই ৰোগী সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰাটো এক বৃহৎ প্ৰত্যাহ্বান, স্বাভাৱিকতে নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ বাবেও একেই প্ৰত্যাহ্বান। এক বৃহৎ পৰিসৰ, জটিলতা, চিকিৎসালয়ৰ পৰিৱেশৰ পৰা সংক্ৰমিত ৰোগ, ঔষধৰ বিচ্যুতি, ৰক্তগ্ৰহণৰ পৰা হ’ব পৰা বিভিন্ন সমস্যা, অগ্নমিকাণ্ড, ৰোগী পৰি যোৱা, ৰেডিয়েশ্যনৰ সমস্যা ইত্যাদি ইত্যাদি সদায়েই একোখন বৃহৎ চিকিৎসালয়ৰ সৈতে জড়িত হৈ থাকে। উল্লেখিত সমস্যাসমূহৰ ভিতৰত অধিকাংশই প্ৰতিৰোধযোগ্য, পিছে তাৰ বাবে প্ৰয়োজন মাথো সজাগতা সৃষ্টিৰ, স্বাস্থ্যকৰ্মী, ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ লোকৰ মাজত সৃষ্টি কৰিব লাগিব এই সজাগতা। 

এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালে আৰম্ভ কৰা ৰোগী সুৰক্ষা সপ্তাহ, ২০১৮ৰ আজি সামৰণি পৰিছে। বিভিন্ন পোষ্টাৰ প্ৰতিযোগিতা, শ্লোগান লিখনি, ভিডিঅ’ ক্লিপ প্ৰদৰ্শন, প্ৰচেছ ফ্ল’ ৰাইটিং, কুইজ প্ৰতিযোগিতা, এনডিআৰএফৰ দ্বাৰা মকড্ৰিল ইত্যাদিৰে আৰম্ভ কৰা হৈছে এই সুৰক্ষা সপ্তাহৰ। উল্লেখ্য যে বিগত ৩ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ আয়োজন কৰা হৈছিল এই সপ্তাহৰ।

আজিৰ এই সামৰণি অনুষ্ঠানত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত এই সমগ্ৰ সপ্তাহটোত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলো উপস্থিত থাকে। 

অনুষ্ঠানত চিকিৎসালয়খনৰ সকলো চিকিৎসক, বিষয়ববীয়া তথা কৰ্মচাৰী উপস্থিত থাকে। চিকিৎসালয়খনৰ কোৱালিটি হেড ডাঃ হীৰকজ্যোতি দাসে সামৰণি অনুষ্ঠানত উপস্থিত থাকি কয় যে যিকোনো চিকিৎসা প্ৰতিষ্ঠানৰ বাবেই এনেধৰণৰ কাৰ্যসূচী এক নিয়মিত সময়ৰ অন্তৰে অন্তৰে কৰি থকা উচিত, যাতে চিকিৎসাক্ষেত্ৰৰ সৈতে জড়িত আটাইকে সজাগ কৰি ৰাখিব পৰা যায়।

ইফালে এই অনুষ্ঠান সন্দৰ্ভত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীৰ ফেচিলিটি ডিৰেক্টৰ আবিদ তাকিৰে কয়, “সমাজৰ প্ৰতি আমাৰ যি দায়বদ্ধতা আছে তাৰ যোগেদি স্বাস্থ্যখণ্ডলৈ সুৰক্ষিত আৰু মানসম্পন্ন সেৱা আগবঢ়াই যোৱাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ। আমাৰ এই চিকিৎসালয়ত এই কাৰ্যসূচী এক নিয়মিত পৰিক্ৰমা, যাৰ বাবে আমি প্ৰতিদিনেই শ্ৰেষ্ঠতম চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হৈছো।”

নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটী