অৱসৰ গ্ৰহণৰ দিনাই নিস্পত্তি হ’ব পেঞ্চন সম্পৰ্কীয় সকলো কাম
দৈনিক বাতৰি

অৱসৰ গ্ৰহণৰ দিনাই নিস্পত্তি হ’ব পেঞ্চন সম্পৰ্কীয় সকলো কাম

জিপ্লাছ ব্যুৰ’ | October 09, 2019 17:41 hrs

৯ অক্টোবৰ, গুৱাহাটী – পেঞ্চনৰ বাবে অৱসৰ গ্ৰহণৰ পিছত আৰু কাৰ্যালয়ে কাৰ্যালয়ে হাবাথুৰি কাঢ়িব নালাগিব ৰাজ্যৰ কৰ্মচাৰীসকলে। ইতিমধ্যে সংশ্লিষ্ট বিভাগক এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীয়ে  পেঞ্চন আৰু ৰাজহুৱা আপত্তি বিভাগক ৰাজ্যিক কর্মচাৰীয়ে অৱসৰৰ দিনাই যাতে পেঞ্চন লাভ কৰে আৰু পেঞ্চন লাভৰ বাবে তাঁত-বাটি কাঢ়িবলগীয়া নহয়, তাৰ বাবে ব্যৱস্থা ল’বলৈ নির্দেশ দিছে।

মুখ্যমন্ত্রীৰ নির্দেশত পেঞ্চন আৰু ৰাজহুৱা আপত্তি বিভাগে অৱসৰৰ দিনাই পেঞ্চন লাভ কৰাৰ বাবে বিশেষ ব্যৱস্থাও ইতিমধ্যে গ্রহণ কৰিছে। পেঞ্চন লাভৰ বিষয়টো অন লাইনযোগে নিষ্পত্তি কৰাৰ বাবে নেশ্যনেল ইনফর্মেশ্যন চেণ্টাৰৰ (NIC) লগত আলোচনাও কৰা হৈছে৷ আৰু শীঘ্ৰেই এই সন্দৰ্ভত বিশেষ ৱেবচাইট আৰু এপ্পৰ ব্যৱস্থাও কৰা হ’ব বুলি জানিব পৰা গৈছে।  

এগৰাকী কৰ্মচাৰীৰ সমগ্ৰ কৰ্মজীৱনৰ তথ্যাদি এক বিস্তৃত বিষয় যদিও যথাশীঘ্ৰে অৱসৰৰ দিনৰে পৰা যাতে এগৰাকী কৰ্মচাৰীয়ে পেঞ্চন লাভ কৰিব পাৰে, তাৰ বাবে অন লাইনৰ জৰিয়তে নিষ্পত্তি কৰিবলৈ প্রথমে এটা বিভাগক পাইলট প্রজেক্ট হিচাপে লোৱা হ’ব৷ মন্ত্রী চৌধুৰীয়ে কয়– অহা বছৰৰ পৰা পাইলট প্রজেক্টৰ কাম আৰম্ভ হ’ব৷ অৱসৰৰ দিনাই পেঞ্চন দিবলৈ হাতত লোৱা পাইলট প্রজেক্টটোত সফল হ’লে পৰৱর্তী পর্যায়ত অন্যান্য বিভাগক আওতালৈ অনা হ’ব বুলিও বিভাগীয় মন্ত্রীজনে জানিবলৈ দিয়ে৷
 

Banner
Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Devid Das

    Process is very good & request for first entry Education Depptt.