দিব্যাঙ্গ দিৱসৰ দিনাই ৰাজপথত প্ৰতিবাদমুখৰ হ’ল দিব্যাঙ্গ
গুৱাহাটী - আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাঙ্গ দিৱস। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজনো কৰা হৈছে দিৱসৰ। পিছে চৰকাৰৰ এই ফটাঢোল সদৃশ দিব্যাঙ্গ দিৱসৰ আয়োজন বৰ্জন কৰি সমগ্ৰ ৰাজ্যৰ পৰা আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত মিলিত হ’ল দিব্যাঙ্গসকল। দিব্যাঙ্গসকলে দীৰ্ঘদিনধৰি ৰাজ্য চৰকাৰৰ সমূখত উত্থাপন কৰি অহা দাবীসমূহ পূৰণ নকৰাত ক্ষোভিত হৈ আজি পুনৰ ৰাজপথত নামিবলৈ বাধ্য হয় দিব্যাঙ্গসকল। প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা দিব্যাঙ্গলোকসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী দিব্যাঙ্গসকলে মাহেকীয়া ১০০০ টকাৰ এক সাহায্য শীঘ্ৰেই মোকলাই দিয়াৰ দাবী কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে বিগত বৰ্ষতেই এই ধন দিয়াৰ কথা ঘোষণা কৰিছিল।
ইয়াৰ উপৰিও, বিগত ৫ অক্টোবৰত দিছপুৰৰ লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰোতে তেওঁলোকৰ ওপৰত আতিশয্য চলোৱা আৰক্ষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীও কৰে। ৰাজ্য চৰকাৰত এতিয়াও খালী হৈ থকা ৪৪১৯ টা দিব্যাঙ্গ লোকৰ পদৰ বাবে শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশৰো দাবী জনায়।
প্ৰতিবাদকাৰীসকলৰ এজনে কয়, “আমাৰ ২১ টা দাবী আছে। ইয়াৰ উপৰিও আৰপিডি আইন অনুসৰি দিব্যাঙ্গসকলৰ বাবে থকা ৪ শতাংশ সংৰক্ষণ ব্যৱস্থা এইক্ষেত্ৰত প্ৰযোজ্য হ’ব লাগে। অসম চৰকাৰে ২০১৭ চনতেই দিব্যাঙ্গসকলৰ বাবে ৪৪১৯ টা পদ খালী থকাৰ কথা কৈছিল যদিও এইপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।”
এতিয়া প্ৰতিবাদকাৰী সংগঠনকেইটাই ৰাজ্য চৰকাৰক ১০ ডিচেম্বৰৰ চূড়ান্ত সীমা নিৰ্ধাৰণ কৰি দিছে, ইয়াৰ পিছত তেওঁলোকে জংগী আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে। তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে ২০১৭ চনৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাঙ্গ দিৱসৰ দিনা উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে অসমৰ বাবে দীনদয়াল সাহায্য যোজনা মুকলি কৰিছিল। পিছে সেয়া এতিয়াও কিমান ফলপ্ৰসূভাৱে ৰূপায়ন হৈছে তাৰ প্ৰশ্ন অবান্তৰ মাথো।