ভাৰতৰত্ন শ্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সন্মান জনাই স্মাৰক মুদ্ৰা মুকলি কৰিলে প্ৰধানমন্ত্রীয়ে 

Saturday, 07 December 2019

দৈনিক বাতৰি

ভাৰতৰত্ন শ্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সন্মান জনাই স্মাৰক মুদ্ৰা মুকলি কৰিলে প্ৰধানমন্ত্রীয়ে 

জি প্লাছ নিউজডেস্ক | December 24, 2018 15:18 hrs

গুৱাহাটী - প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রাক্তন প্ৰধানমন্ত্রী ভাৰতৰত্ন শ্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সন্মান জনাই এটি স্মাৰক মুদ্ৰা মুকলি কৰে৷ অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে শ্রী বাজপেয়ী আমাৰ মাজত যে নাই, সেয়া আমাৰ মনে আজিও বিশ্বাস কৰিব পৰা  নাই৷ 

বিশেষ ব্যক্তিত্বসম্পন্ন ব্যক্তিজনক সমাজৰ সকলো শ্রেণীৰ লোকে শ্ৰদ্ধা কৰিছিল বুলিও তেওঁ লগতে কয়৷ প্ৰধানমন্ত্রীয়ে কয় যে বহু বছৰ ধৰি বাজপেয়ীৰ কন্ঠস্বৰ জনগণৰ কন্ঠস্বৰ আছিল। বক্তা হিচাপে তেওঁ অপ্ৰতিদ্বন্দ্বী আছিল। প্ৰধানমন্ত্রীয়ে কয় যে বাজপেয়ী দেশৰ অন্যতম সংগঠক আছিল।

ৰাজনৈতিক জীৱনৰ এক দীঘলীয়া সময় বাজপেয়ী বিৰোধী আসনত বহিছিল৷ তৎসত্ত্বেও সদায় তেওঁ দেশৰ স্বার্থত মাত মাতিছিল বুলিও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে শ্রী বাজপেয়ী সদায় গণতন্ত্ৰক প্রাধান্য দিবলৈ বিচাৰিছিল৷

শ্রীবাজপেয়ী সদায়ে সকলোৰে অনুপ্রেৰণা হৈ থাকিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আশা ব্যক্ত কৰে৷ 

100 টকীয়া মূদ্ৰা