১৭ বছৰৰ মূৰকত অহা ২৫ ডিচেম্বৰত মুকলি হ’ব বগীবিল দলং

Wednesday, 20 November 2019

দৈনিক বাতৰি

১৭ বছৰৰ মূৰকত অহা ২৫ ডিচেম্বৰত মুকলি হ’ব বগীবিল দলং

জিপ্লাছ নিউজডেস্ক | December 05, 2018 13:05 hrs

গুৱাহাটী - সুদীৰ্ঘ ১৭ বছৰৰ প্ৰতীক্ষাৰ অন্ত পেলাই বগীবিল দলঙে লাভ কৰিলে সম্পূৰ্ণ কাৰ্যক্ষম অৱস্থা। বহুবাৰ পৰীক্ষামূলক ৰে’ল যাত্ৰাৰ পিছত অৱশেষত বহু প্ৰত্যাশিত বগীবিল দলং উদ্বোধনৰ দিন নিশ্চিত কৰা হৈছে। সেই অনুসৰি অহা ২৫ ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে দেশৰ দীৰ্ঘতম দলংখন মুকলি কৰিব।

উল্লেখ্য যে ১৯৯৭ চনতে দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱেগৌড়াই এই বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু ইয়াৰ প্ৰায় ৫ বছৰৰ পিছত ২০০২ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে দলংখনৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰ পিছত চৰকাৰ সলনি হৈয়েই থাকিল। কেৱল সম্পূৰ্ণ নহ’ল বগীবিল দলং। পিছে এতিয়া অন্ত পৰিল দীৰ্ঘ অপেক্ষাৰ। সম্পূৰ্ণ হৈ উঠিল বগীবিল দলং। ৰাজ্যবাসীয়ে অপেক্ষা কৰিবলগীয়া হ’ল ১৭ বছৰ।

স্মৰ্তব্য যে চলিত বৰ্ষৰে বিগত ২২ অক্টোবৰত দেশৰ দীৰ্ঘতম ৰে’লপথ-স্থলপথ দলঙৰ ওপৰেদি পৰীক্ষামূলকভাৱে প্ৰথমখন পূৰ্ণাংগ ৰে’ল চলোৱা হৈছিল। ইয়াৰ পিছত যোৱা ২ আৰু ৩ ডিচেম্বৰতো দলংখনৰ ওপৰৰে দুখনকৈ মালবাহী ৰে’লৰ পৰীক্ষামূলক চলাচল সম্পন্ন কৰা হৈছিল সফলতাৰে।

দেশৰ সবাতোকৈ দীঘল এই দলংখনে ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰিব। এই দলং নিৰ্মাণৰ বাবে ব্যয় হৈছে মুঠ ৫৫০০ কোটি টকা। দলংখনৰ দৈৰ্ঘ্য ৪.৯৪ কিলোমিটাৰ।

Banner

বগীবিল দলং