গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
দৈনিক বাতৰি

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

জি প্লাছ নিউজডেস্ক | February 04, 2019 12:25 hrs

গুৱাহাটী - অহা ৯ ফেব্ৰুৱাৰীত এদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালতে তেওঁ অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত ভালেমান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

অসমত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী এখন দলংৰ প্ৰাৰম্ভিক কামৰ শুভাৰম্ভ কৰিব। ৬ টা লেনসহ নিৰ্মাণ হ’বলগীয়া এই দলংৰ কাম প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব বুলি জনাইছে বিজেপি নেতা তথা নেডাৰ আহ্বায়ক ড. হিমন্ত বিশ্ব শৰ্মাই। এই দলংৰ বাবে ২১৮৭ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে চাংসাৰিত এইমছৰ নিৰ্মাণ কাৰ্যৰো কাম আৰম্ভ কৰিব।

তদুপৰি নুমলীগড়ত এক বায়’-ডিজেল শোধাগাৰ মুকলি কৰাৰ লগতে বাৰাউণীৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ থকা গেছ পাইপলাইনো মুকলি কৰিব।

Banner

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী