গুজৰাটত ভাৰতৰ প্ৰথম সমুদ্ৰ বিমান সেৱা উদ্বোধন কৰিলে প্ৰধান মন্ত্ৰী মোদীয়ে - Assamese News

Wednesday, 02 December 2020

দৈনিক বাতৰি

গুজৰাটত ভাৰতৰ প্ৰথম সমুদ্ৰ বিমান সেৱা উদ্বোধন কৰিলে প্ৰধান মন্ত্ৰী মোদীয়ে - G Plus Assam

জি প্লাছ নিউজ | October 31, 2020 13:38 hrs

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে গুজৰাটৰ নৰ্মদা জিলাৰ কেভাদিয়াৰ ষ্ট্যেচু অফ ইউনিটিৰ পৰা চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৫ তম জন্মবাৰ্ষিকী হিচাপে ভাৰতৰ প্ৰথম খন সাগৰীয় বিমান সেৱা আৰম্ভ কৰে।


তেওঁ নিজেও প্ৰথম সমুদ্ৰ বিমানত ভ্ৰমণ কৰিলে।


চিপ্লেন হৈছে মে/ছ স্পাইচজেট টেকনিক নামৰ পঞ্জীভুক্ত এটা টুইন অ’টাৰ ৩০০ আৰু ইয়াক SpiceJet-ৰ দ্বাৰা পৰিচালিত কৰা হ'ব।


এই ১৯ খন আসনযুক্ত সমুদ্ৰ বিমানখন আঞ্চলিক সংযোগ আঁচনিৰ অংশ হিচাপে কেভাদিয়াৰ সৰবৰমতী নদীৰ সন্মুখৰ পৰা আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ ষ্ট্যেচু অফ ইউনিটিৰ লৈকে ব্যৱহাৰ কৰা হ'ব। উক্ত সমুদ্ৰ বিমানখনে ১২ জন যাত্ৰী কঢ়িয়াই আনিবলৈ সক্ষম হ'ব আৰু প্ৰতিজন ব্যক্তিৰ বাবে টিকটৰ মূল্য ৪,৮০০ টকা হ'ব।


উল্লেখ কৰিব লাগে যে, আহমেদাবাদ আৰু কেভাদিয়াৰ মাজৰ বিমান দূৰত্ব প্ৰায় ২০০ কিলোমিটাৰ আৰু সমুদ্ৰ বিমানৰ মাধ্যমেৰে দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ৪৫ মিনিট সময় লাগিব।