‘কেম চ’, ট্ৰাম্প’! আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব আহমেদাবাদস্থিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম
১৩ ফেব্ৰুৱাৰী, গুৱাহাটী : চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰা হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামটো। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব আহমেদাবাদত নৱনিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ছৰ্ডাৰ বল্লভ ভাই পেটেল ক্ৰিকেট ষ্টেডিয়ামটো।
প্ৰাপ্ত তথ্য মতে অহা ২৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিগৰাকীয়ে দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ আহিব। এই ভ্ৰমণ কাৰ্যসূচীতে ৰাষ্ট্ৰপতিগৰাকীয়ে ষ্টেডিয়ামটো উদ্বোধন কৰাৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে এই বিশেষ উদ্বোধনী অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ড’নাল্ড ট্ৰাম্পে এখন বিশাল জনসভাও সম্বোধন কৰিব। এই বিশেষ অনুষ্ঠানটোক ‘কেম চ’, ট্ৰাম্প’ নামেৰে নামকৰণ কৰিছে। এই বিশাল জনসভাত প্ৰায় ১.২৫ লাখ লোক উপস্থিত থাকিব বুলি আশা প্ৰকাশ কৰে।