‘ৰাজ্যত এডভাণ্টেজ অসম হোৱা নাই ডিছএডভাণ্টেজ অসম হে হৈছে’- প্ৰাক্তন মুখ্যমন্ত্ৰী
দৈনিক বাতৰি

‘ৰাজ্যত এডভাণ্টেজ অসম হোৱা নাই ডিছএডভাণ্টেজ অসম হে হৈছে’- প্ৰাক্তন মুখ্যমন্ত্ৰী

জিপ্লাছ নিউজ ডেস্ক | September 30, 2019 19:36 hrs

  ৩০ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদমেল আয়োজন কৰে। শাসকীয় চৰকাৰখনৰ সমোলোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কয়-  মোহম ভাগৱৎে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ জৰিয়তে ৰাজ্যত বিভাজনৰ ৰাজনীতি কৰিছে। ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী  মোহন ভাগৱৎ অসমলৈ  হিন্দু সকলক ৰক্ষণাবেক্ষণ দিয়াৰ যি চেষ্টা কৰিছে তাত আমাৰ মাজত বিদ্বেষ ভাৱ সৃষ্টি কৰি যি ৰাজনীতি কৰিছে সেইয়া নিন্দনীয়। 

জিন্না আৰু মোহন ভাগৱতৰ আদৰ্শ আমি গ্ৰহণ নকৰোঁ।
 ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে জিন্না আৰু আৰ এছ এছ দায়ী কংগ্ৰেছ নহয়। হিন্দু অহিন্দু বিচাৰ কৰিলে শুদ্ধ এন আৰ চি নহয়।
 এন আৰ চি খন ৭১ চন হওঁতেই ইমান দিন লাগিলে ৫১ চন হবলৈ হলে আৰু কিমান দিন লাগিব তাৰ ঠিক নাই। এখন পৰ্যালোচনা কমিটি গঠন কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম পৰৱৰ্তী তালিকাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকাত সোমোৱাব লাগে।”
 


লগতে মুখ্যমন্ত্ৰীক উদ্দ্যেশ্যি কয় যে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে ।  মুখ্যমন্ত্ৰী ৰ পথ প্ৰদৰ্শক হ’ব লাগিছিল শংকৰদেৱৰ বা আজান ফকীৰ। কিন্তু তেওঁৰ পদ প্ৰদৰ্শক মোডী নে অমিত শ্বাহ নে মোহন ভাগত সেই কথা মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰক। মোহন ভাগতৰ পদ প্ৰদৰ্শক হলে অসম খন চুৰমাৰ হ’ব। 

আনকি অসমৰ আইন শৃংখলা ৰ অৱনতি ঘটিছে। বিজেপি চৰকাৰৰ ৮৮ কোটি টকা ধাৰ লাগিছে।ইমান ফুৰিবলৈ গৈ আলিংগন কৰিলা,  কিন্তু কি হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে।  

সম্প্ৰতি ৰাজ্যত  Advantage Assam নহয় disadvantage Assam হে হৈছে। আগন্তুক নিৰ্বাচনক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে জনায় যে  আগন্তুক ২০২১ৰ নিৰ্বাচনত আমি এ আই ইউ ডি এফ ৰ লগত মিত্ৰতা কৰিবও পাৰো। ৰঙাপাৰা আৰু সোনাৰিত প্ৰচাৰৰ মই নিজেই  যাম।