ব্ৰিটেইনৰ  প্ৰথমগৰাকী ভাৰতীয় মূলৰ গৃহ মন্ত্ৰীৰ দায়িত্বত প্ৰীতি পেটেল
দৈনিক বাতৰি

ব্ৰিটেইনৰ  প্ৰথমগৰাকী ভাৰতীয় মূলৰ গৃহ মন্ত্ৰীৰ দায়িত্বত প্ৰীতি পেটেল

জিপ্লাছ নিউজ ডেস্ক | July 27, 2019 11:16 hrs

২৭ জুলাই, গুৱাহাটী:  ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে বুধবাৰে দায়িত্বভাৰ গ্ৰহণ কৰা বৰিছ জনছনে এখন আনুষ্ঠানিক মন্ত্ৰীসভা গঠন কৰে। আনুষ্ঠানিকভাৱে গঠন কৰা এই মন্ত্ৰীসভাখনত প্ৰথমগৰাকী ভাৰতীয় মূলৰ গৃহ মন্ত্ৰীৰ দায়িত্বত প্ৰীতি পেটেলক নিযুক্তি দিয়ে।

গুজৰাটৰ নিবাসী প্ৰীতি পেটেলক নৰেন্দ্ৰ মোদীৰ অন্যতম সমৰ্থক হিচাপে বিবেচিত কৰা হৈছে । বৰিছ জনছনৰ কেবিনেটত প্ৰীতি পেটেলকে ধৰি ভাৰতীয় মূলৰ তিনিজনে মন্ত্ৰীত্ব লাভ কৰিছে। 


ইয়াৰে ভিতৰত আৰ্ন্তজাতিক সহযোগিতা বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে আলোক শৰ্মা আৰু বিত্ত বিভাগৰ মূখ্য সচিব ঋষি ছুনাক।   

প্ৰতিনিধিত্বমূলক ছবি