বিটিএডিৰ চাৰিখন জিলাত বন্ধৰ ঘোষণা 
দৈনিক বাতৰি

বিটিএডিৰ চাৰিখন জিলাত বন্ধৰ ঘোষণা 

জিপ্লাছ নিউজ ডেস্ক | February 05, 2020 11:50 hrs

৫ ফেব্ৰুৱাৰী, গুৱাহাটী: অহা ৭ ফেব্ৰুৱাৰীত বিটিএডিৰ চাৰিখন জিলাত বন্ধৰ ঘোষণা। বড়ো ভূমিত উদযাপন হ’বলগীয়া বিজয় উৎসৱৰ উপলক্ষে বিটিএডিৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং,বাক্সা আৰু ওদালগুৰি জিলাত বন্ধৰ ঘোষণা কৰে। 

প্ৰশাসনে আজি এক বিবৃত্তিযোগে এই বন্ধৰ ঘোষণা কৰে। জংকুঠাইত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ অনুষ্ঠানৰ বাবে স্থানীয় বিদ্যালয়, মহাবিদ্য়ালয় সমূহৰ লগতে কাৰ্যালয়, অনুষ্ঠান -প্ৰতিষ্ঠানসমূহতো বন্ধৰ ঘোষণা কৰে। 

উল্লেখ্য যে যোৱা ২৭ জানুৱাৰীত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএফবিৰ চাৰিওটা গোটৰ উপস্থিতিত বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰে।