সৰুসজাই, নেহৰু ষ্টেডিয়ামত ১০০০ কৈ ৰোগী ৰখাৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

Wednesday, 01 April 2020

দৈনিক বাতৰি

সৰুসজাই, নেহৰু ষ্টেডিয়ামত ১০০০ কৈ ৰোগী ৰখাৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

জিপ্লাছ | March 25, 2020 20:14 hrs

২৬ মাৰ্চ, গুৱাহাটী - স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। অসমতো কৰণাক প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা হৈছে উপযুক্ত ব্যৱস্থা। মাৰাত্মক ভাইৰাছ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা। জি এম চি এইচত কেৱল কৰণা আক্ৰান্ত লোকৰ চিকিৎসা চলিব। ৩০খন নতুন আই চি ইউ বেডৰ ব্যৱস্থা কৰা হৈছে।এম এম চি এইচত প্ৰসূতি আৰু সংলগ্ন বিভাগৰ বাহিৰে আন সকলো বিভাগ বন্ধ।এম এম চি এইচত কৰণাৰ চিকিৎসাৰ বাবে ১৫০ বিছনা আৰু ১০খন আই চি ইউ বিছনা সাজু কৰিছে।ৰাজ্যত মুঠ ছখন চিকিৎসালয় আইচলেচন হস্পিটেললৈ ৰূপান্তৰ।

সোণাপুৰত থকা জিলা হাস্পতাল কেৱল কৰণা চিকিৎসাৰ বাবে সাজু৷নেহৰু ষ্টেডিয়াম, সৰুসজাই ষ্টেডিয়ামত ১০০০ খনকৈ বিচনাসহ কোৰানটাইন কেন্দ্ৰ সাজু।কামৰূপৰ শিঙিমাৰী আদৰ্শ হাস্পতাল, জালুকবাৰীৰ আয়ুৰ্বেদিক হাস্পতাল কেৱল কৰণা চিকিৎসাৰ বাবে সাজু৷

ক’ৰোনাৰ বাহিৰে আন ৰোগীৰ চিকিৎসাৰ দায়িত্ব কান্ধ পাতি ল’বলৈ ব্যক্তিগত চিকিৎসালয়ক আহ্বান স্বাস্থ্য মন্ত্ৰীৰ।চাবুৱাৰ টাটা ৰেফাৰেল হাস্পতাল কেৱল কৰণাৰ চিকিৎসাৰ বাবে সাজু৷ দৰিদ্ৰ লোকৰ ব্যক্তিগত চিকিৎসালয়ৰ ব্যয় চৰকাৰে পৰিশোধ কৰাৰ প্ৰস্তাৱ।

ফাইল ফটো