আইপিএল - ৰাজস্থান ৰয়েলছে ২খন খেল খেলিব গুৱাহাটীত

Monday, 30 March 2020

দৈনিক বাতৰি

আইপিএল - ৰাজস্থান ৰয়েলছে ২খন খেল খেলিব গুৱাহাটীত

জিপ্লাছ | February 14, 2020 14:26 hrs

গুৱাহাটী - বহু চৰ্চাৰ অন্তত গুৱাহাটীত আগন্তুক আইপিএলৰ দুখন খেল অনুষ্ঠিত হোৱাৰ কথা নিশ্চিত হৈছে। ২০২০ চনৰ আইপিএলৰ দুখন খেল গুৱাহাটীৰ বৰ্ষাাপাৰাস্থিত ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

গুৱাহাটীত এই খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আইএমজি-ৰিলায়েন্স, ৰাজস্থান ৰয়েলছ আৰু অসম ক্ৰিকেট সন্থাৰ মাজত হোৱা এক বৈঠকত।

এই সন্দৰ্ভত ৰাজ্যৰ বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কৰা টুইট -  

ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে ইয়াৰ দ্বিতীয় গৃহভূমি আহমেদাবাদৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ বাবে অনুৰোধ জনাইছিল। পিছে জয়পুৰৰ পৰা বাহিৰলৈ দলটোৰ গৃহভূমিৰ মেচসমূহ লৈ যোৱাটো ৰাজ্যখনৰ প্ৰতি অসন্মানজন হৈ পৰিব বুলি ৰাজস্থান উচ্চ ন্যায়ালয়ত এক পিআইএলো দাখিল কৰা হৈছিল।

উল্লেখ্য যে গুৱাহাটীৰ স্থানীয় খেলুৱৈ ৰিয়ান পৰাগে বিগত ছিজনত ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ পিছত এইটো ছিজনতো একেটা দলৰ হৈ অংশগ্ৰহণ কৰিব আইপিএলত।