ৰঞ্জিত দাসে স্বাস্থ্য বিভাগৰ নিয়ম উলংঘন কৰি অপৰাধ কৰিছে - হিমন্ত বিশ্ব শৰ্মা
২ জুলাই, গুৱহাটী: স্বাস্থ্য বিভাগৰ নির্দেশনা ভংগ কৰি বিতৰ্কত বিজেপিৰ সভাপতি ৰঞ্জিত দাস। সভাপতিগৰাকীৰ ৪ জন দেহৰক্ষী চাৰিজন আক্রান্ত হোৱা পাছতে মঙলবাৰে পৰিয়ালৰ সৈতে ৰঞ্জিত দাসেও শ্বাৱ টেষ্ট কৰিছিল। কিন্তু শ্বাৱ টেষ্টৰ ফলাফল নোপোৱাকৈ নিজ বাসগৃহত বুধবাৰে সংবাদমেল সম্বোধন কৰে।
স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি শ্বাৱ টেষ্টৰ ফলাফল নহালৈকে সভাপতি দাস আৰু তেওঁ পৰিয়াল কোৱাৰেণ্টাইত থকাটো জৰুৰী। কিন্তু দাসে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা পোনপটীয়াকৈ ভংগ কৰি সাংবাদিক মেল সম্বোধন কৰাৰ পাছতেই ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় -‘ স্বাস্থ্য বিভাগৰ ক’ভিড-১৯ সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা সকলোৱে লগতেই প্ৰযোজ্য, তেওঁ লাগিলে পৰিয়ালৰ লোকেই নহওক কিয়। মোৰ পৰিয়ালৰ লোকে এই নিয়ম উলংঘা কৰিলেও এইটোক অপৰাধ বুলি গণ্য কৰা হ’ব। যিয়েই নকৰ কিয়, যিটো ভুল সেইটো সকলোৰে বাবেই ভুল।’
লগতে তেওঁ কয়- ‘আনকি মোৰ পত্নী আৰু পুত্ৰইও যদি শ্বাৱ পৰীক্ষা কৰি সংবাদমেল সম্বোধন কৰি নিয়াম উলংঘন কৰে সেইটো অপৰাধেই হ’ব।’
উল্লেখ্য যে মন্ত্ৰী শৰ্মাই সভাপতি ৰঞ্জিত দাসৰ লগতে তেওঁৰ পৰিয়ালৰ ফলাফল নিগেটিভ আহে বুলি মন্তব্য প্ৰকাশ কৰে।
Hrishikesh Bora
But when will be he be booked as he earlier broke the law. When he will be booked?