ৰঞ্জিত কুমাৰ দাসক পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতি নিযুক্তিৰ সম্ভাৱনা

Saturday, 29 February 2020

দৈনিক বাতৰি

ৰঞ্জিত কুমাৰ দাসক পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতি নিযুক্তিৰ সম্ভাৱনা

জিপ্লাছ নিউজ ডেস্ক | January 17, 2020 13:18 hrs

১৭ জানুৱাৰী, গুৱাহাটী : কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন। ৰঞ্জিত কুমাৰ দাসক পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতি পদত নিযুক্তি প্ৰদানৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। 

কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত পুৱা ১১:৩০ বজাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক বিষয়ববীয়া, দলৰ সাংসদ, বিধায়ক, জিলা সভাপতি আৰু ৰাজ্যিক কাউন্সিল সদস্যসকলৰ উপস্থিতিত ৰাজ্যিক সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব৷

অৱশ্যে এই নিৰ্বাচন মাথো আনুষ্ঠানিকতাহে বুলি প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষক মহলে।  
উক্ত নিৰ্বাচনৰ প্ৰক্ৰিয়া সময়চোৱাত উপস্থিত থাকিব ক্ৰমে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰণজিৎ কুমাৰ দাস, নেডাৰ আহ্বায়ক মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা ৷

উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ ১৬ ডিচেম্বৰ তাৰিখে দাসৰ সভাপতিত্বৰ কাৰ্যকাল শেষ হৈছিল।