GQ’ৰ ‘২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ প্ৰভাৱশালী যুৱ ভাৰতীয়’ৰ তালিকাত ৰীমা দাস
দৈনিক বাতৰি

GQ’ৰ ‘২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ প্ৰভাৱশালী যুৱ ভাৰতীয়’ৰ তালিকাত ৰীমা দাস

জি প্লাছ নিউজডেস্ক | December 08, 2018 13:28 hrs

গুৱাহাটী - ইতিমধ্যেই বিশ্ব চলচ্চিত্ৰ ক্ষেত্ৰত এক চিনাকি নামত পৰিণত হৈছে তেওঁ। ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাতো শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ পুৰস্কাৰেৰে জিলিকি উঠিছে তেওঁৰ ছবি। ইতিমধ্যে ভাৰতক অস্কাৰত প্ৰ্তিনিধিত্ব কৰিবলৈও নিৰ্বাচিত হৈছে তেওঁৰ দ্বাৰা পৰিচালিত ছবি। ৰীমা দাসৰ কথাই কোৱা হৈছে। ভিলেজ ৰকষ্টাৰ্ছ ছবিৰে সৰ্বত্ৰ সমাদৃত অসমকন্যা ৰীমা দাস এইবাৰ অন্তৰ্ভুক্ত হৈছে GQ’ৰ ২০১৮ বৰ্ষৰ ৫০ গৰাকী শ্ৰেষ্ঠ প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাত। 

GQ ইণ্ডিয়াই প্ৰতিবছৰৰ দৰেকৈ এইবছৰো প্ৰকাশ কৰা শ্ৰেষ্ঠ প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাখনত স্থান লাভ কৰিছে ৪০ অথবা তাতকৈ কম বয়সৰ ভালেমান চিনাকি মুখে। এই অন্তৰ্ভুক্তি সন্দৰ্ভত ৰীমা দাসে জিকিউ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে ছ’চিয়েল মিডিয়াযোগে।

উল্লেখ্য যে ৰীমা দাস পৰিচালিত ছবি ভিলেজ ৰকষ্টাৰ্ছে অস্কাৰৰ মনোনয়ন লাভ কৰাৰ উপৰিও দেশে বিদেশে সৰ্বমুঠ ৪৪ টা বঁটা লাভ কৰিছে এই পৰ্যন্ত। ইয়াৰ ভিতৰত আছে ৪ টাকৈ ৰাষ্ট্ৰীয় বঁটা।

ৰীমা দাস