ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ সাহায্য জনপ্ৰিয় ছবি পৰিচালিকা ৰীমা দাসৰ
দৈনিক বাতৰি

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ সাহায্য জনপ্ৰিয় ছবি পৰিচালিকা ৰীমা দাসৰ

জিপ্লাছ নিউজ ডেস্ক | July 20, 2019 13:27 hrs

২০ জুলাই, গুৱাহাটী :  ৰাজ্যৰ বানাক্ৰান্ত লোকসকলৰ সাহায্যাৰ্থে বলীউডৰ তাৰকাৰ লগতে ৰাজ্যখনৰ ভালেমান লোক আগবাঢ়ি আহিছে। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ সাহায্য আগবঢ়াইছে জনপ্ৰিয় ছবি পৰিচালিকা ৰীমা দাসে।

তেওঁ চছিয়েল মেডিয়াৰ এটা প’ষ্টত উল্লেখ কৰে যে- ’প্ৰতি বছৰে ৰাজ্যবাসীয়ে বান সমস্যাত এনেদৰে আশ্ৰয়হীন আৰু মৃত্যুৰ মুখত পৰিবলগীয়া হোৱাটো সঁচাকৈ দুখজনক। আমাৰ ভিলেজ ৰকষ্টাৰ পৰিয়ালৰ হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙনি আগবঢ়াইছো। আমাৰ ফালৰ পৰা  এইয়া এক সুক্ষ্ম প্ৰচেষ্টা অসমখনক আকৌ পুনৰ গঠন কৰিবলৈ, ৰাজ্যবাসীক অনুৰোধ কৰিছো আপোনালোকে সামৰ্থ্য অনুসাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙনি আগবঢ়াওক।’

আনহাতে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ো বড়োচা সমন্বয় বঁটাত লাভ কৰা ১ লাখ টকাৰ মাননী মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়।

Banner

ৰিমা দাস