বেৰ্লিন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত বিচাৰকৰ আসনত ৰিমা দাস
দৈনিক বাতৰি

বেৰ্লিন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত বিচাৰকৰ আসনত ৰিমা দাস

জিপ্লাছ নিউজ ডেস্ক | February 05, 2020 12:42 hrs

৫ ফেব্ৰুৱাৰী, গুৱাহাটী : বেৰ্লিন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত বিচাৰকৰ আসনত ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া ছবি নিৰ্মাতা ৰিমা দাস। আহা ২৮ ফেব্ৰুৱাৰী, শুক্ৰবাৰে উৰানিয়াত হ’বলগীয়া ছবি প্ৰিতযোগিতাৰ  ১৪প্লাছ শিতান আৰু ২৯ ফেব্ৰুৱাৰী, শনিবাৰে হ’বলগীয়া কে প্লাছ শিতানত এই বটাঁ বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব।

 ৰিমা দাসে সংবাদমাধ্যমক কয় - “বেৰ্লিন ফিল্ম ফেষ্টিভেলত এগৰাকী বিচাৰক আসনত বহাতো এটা ডাঙৰ সন্মান আৰু গুৰু দায়িত্ব। মই সৌভাগ্যবান যে এই সুযোগ মই মোৰ যাত্ৰাৰ প্ৰথমতেই লাভ কৰিছো। যোৱা বৰ্ষত এই ছবি মহোৎসৱতেই ১৪ প্লাছ শিতানত বুলবুল কেন ছিঙে অংশগ্ৰহণ কৰিছিল। মই আশা কৰোঁ যে মোৰ দৰে আৰু ভাৰতীয় ছবি নিৰ্মাতাই শিশু আৰু যুৱসমাজৰ কাৰণে ছবি নিৰ্মাণ কৰে।”

উল্লেখ্য যে ১৪ প্লাছ শিতানৰ বাবে ৰিমা দাসৰ লগত আব্বাছ আমিনি আৰু জেন্না বাছ্ছে বিচাৰকৰ আসন গ্ৰহণ কৰিব।