লকডাউনৰ সময়ছোৱাত ৰাজ্যত ৪০০ কোটি টকাৰ ফল-মূল আৰু শাক-পাচলি বিক্ৰী
দৈনিক বাতৰি

লকডাউনৰ সময়ছোৱাত ৰাজ্যত ৪০০ কোটি টকাৰ ফল-মূল আৰু শাক-পাচলি বিক্ৰী

জিপ্লাছ নিউজ ডেস্ক | July 08, 2020 14:32 hrs

৮ জুলাই, গুৱাহাটী: ৰাজ্যত কৰ’ণাৰ সংহাৰ। কৰ’ণাৰ সময়ছোৱাত ৰাজ্যত মুঠ ৪০০ কোটি টকা মূল্যৰ  ফল-মূল তথা শাক-পাচলি বিক্ৰী হৈছে।

ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই কয় যে এই লকডাউনৰ সময়খিনিত ৰাজ্যৰ প্ৰত্যেক  জিলা প্ৰশাসনৰ অন্তৰ্গত প্ৰায় ৫০০০ যুৱক-যুৱতীয়ে শাক-পাচলি তথা ফল-মূল ব্যৱসায়ত জড়িত হয়। আনহাতে যিসকল অসমীয়া যুৱক যুৱতীয়ে ৰাজ্যৰ বাহিৰত কৰ্ম কৰি আছিল তেওঁলোকে পুনৰ অসমলৈ ঘুৰি আহি খেতিত নামি পৰা দেখা গৈছে। 
 


লগতে তেওঁ কয় যে ৰাজ্যত হোৱা শেহতীয়া বানপানীৰ কাৰণে কমেও ৫ লাখ কৃষিৰ  লগত জড়িত পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে।