মহানগৰীত নিয়ম উলংঘা কৰা চিটি বাছসমূহৰ পৰা ৫.৭১ লাখ টকাৰ জৰিমনা সংগ্ৰহ

Saturday, 30 May 2020

দৈনিক বাতৰি

মহানগৰীত নিয়ম উলংঘা কৰা চিটি বাছসমূহৰ পৰা ৫.৭১ লাখ টকাৰ জৰিমনা সংগ্ৰহ

জিপ্লাছ নিউজ ডেস্ক | February 21, 2020 10:46 hrs

 ২১ ফেব্ৰুৱাৰী, গুৱাহাটী : মহানগৰীত চিটি বাছসমূহৰ দৌৰাত্ম্য ৰোধ কৰিবৰ বাবে উঠি পৰি লাগিছে কামৰূপ পৰিবহন বিভাগ। চলিত বছৰত কামৰূপ পৰিবহন বিভাগে ইটোৰ পাছত সিটোকৈ অভিযান চলাইছে  চিটি বাছসমূহৰ বিৰুদ্ধে। 

প্ৰাপ্ত তথ্য মতে সমগ্ৰ গুৱাহাটীত চিটিবাছসমূহত সাধাৰণ নাগৰিকে মুখা মুখি হোৱা সমস্যাবোৰৰ বুজ ল’বলৈ  তথা নিৰীক্ষণ কৰিবৰ বাবে ১২ টাকৈ  নিৰীক্ষকৰ দল নিয়োগ কৰে।যোৱা ২০ ফেব্ৰুৱাৰীত নিৰীক্ষকৰ দলে নিয়ম উলংঘা কৰাৰ অপৰাধত ৫খনকৈ চিটিবাছ জব্দ কৰে।   

শেহতীয়াকৈ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহন প্ৰাধিকৰণ সচিব বাপন কলিতাই এখন সংবাদমেলত কয় - “এতিয়াৰ পৰা গুৱাহাটীৰ পথত চলা চিটিবাছসমূহৰ চলাচলত কঠোৰ ভাৱে পদক্ষেপ লোৱা হ’ব। আমি চৰকৰাৰৰ নিৰ্দেশ আনুসৰি বাছ কৰ্তৃপক্ষক পথৰ নম্বৰ,পাৰমিট নম্বৰ আৰু হোৱাটছএপ্প্য নম্বৰসমূহ বাছসমূহত প্ৰদৰ্শন কৰিবলৈ দুদিনৰ সময়সীমা বান্ধি দিছো।”

আনহাতে যিয়ে এই নিয়ম শৃংখলা উলংঘা কৰিব তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰা হ’ব। 

উল্লেখ্য যে ৰাজ্য চৰকাৰ তথা বাছ সংস্থাৰ নিয়ম অনুসৰি চিটিবাছসমূহে এটা ষ্টপেজত ১ মিনিটতকৈ বেছি সময় ৰ’ব নোৱাৰিব।