ৰাজ্যসভাত গৃহীত হ’ল যানবাহন আইন (সংশোধনী) বিধেয়ক
দৈনিক বাতৰি

ৰাজ্যসভাত গৃহীত হ’ল যানবাহন আইন (সংশোধনী) বিধেয়ক

জিপ্লাছ ব্যুৰ’ | August 01, 2019 15:12 hrs

০১ আগষ্ট, গুৱাহাটী - লোকসভাৰ পিছত ৰাজ্যসভাতো গৃহীত হ’ল যানবাহন আইন (সংশোধনী) বিধেয়ক। এই আইন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা বিভিন্ন জৰিমণাৰ হাৰ বৃদ্ধি পাব। নতুন আইন মতে হ’বলগীয়া নিৰিখবোৰ হ’ব এনেধৰণৰ :

১. ধাৰা (১৭৭)-সাধাৰণ চালান
একক চালানত পূৰ্বে ১০০ টকা জৰিমনা আদায় দিবলগীয়া আছিল যদিও এতিয়া সেয়া ৫০০ টকা হ’ব।

২. ধাৰা ১৭৭ (এ)- পথৰ নিয়ম ভংগ
পূৰ্বৰ ১০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ৫০০ টকা।

৩. ধাৰা ১৭৮- বিনা টিকটেৰে যাত্ৰা
পূৰ্বৰ ২০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ৫০০ টকা।

৪. ধাৰা (১৭৯)-কৰ্তৃপক্ষৰ আদেশ অমান্য
পূৰ্বৰ ৫০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ২০০০ টকা।

৫. ধাৰা(১৮০)-বিনা অনুজ্ঞাপত্ৰৰে অকৰ্তৃত্বশীল বাহন চলোৱা
পূৰ্বৰ ১০০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ৫০০০ টকা।

৬. ধাৰা (১৮১)-বিনা অনুজ্ঞাপত্ৰৰে গাড়ী চলোৱা
পূৰ্বৰ ৫০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ৫০০০ টকা।

৭. ধাৰা(১৮২)-বিনা যোগ্যতাৰে গাড়ী চলোৱা
পূৰ্বৰ ৫০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ১০,০০০ টকা।

৮. ধাৰা (১৮১ বি)- অতিৰিক্ত আকাৰৰ বাহন চলোৱা
বিলখনত এইটো নতুনকৈ নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ বাবে ৫০০০ টকাৰ জৰিমনা ভৰিব লাগিব।

৯. ধাৰা(১৮৩)-গাড়ীৰ গতিবেগ অমান্য কৰিলে
পূৰ্বৰ ৪০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ২০০০ টকা।

১০. ধাৰা(১৮৪)-বিপদজনক চালনাৰ বাবে পেনাল্টি
পূৰ্বৰ ১০০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ৫০০০ টকা।

১১. ধাৰা (১৮৫)-মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে
পূৰ্বৰ ২০০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ১০,০০০ টকা।

১২. ধাৰা (১৮৯)-প্ৰতিযোগিতা কৰাৰ বাবে
পূৰ্বৰ ৫০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ৫০০০ টকা।

১৩. ধাৰা (১৯২-এ)- বিনা পাৰ্মিটেৰে গাড়ী চলালে
পূৰ্বৰ ৫০০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ১০০০০ টকা।

১৪. ধাৰা(১৯৩)- অনুজ্ঞাপত্ৰ সম্বন্ধীয় চৰ্ত উলংঘা কৰিলে
নতুন বিলখনত এই নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ বাবে ২৫,০০০ টকাৰ পৰা ১ লাখ টকালৈকে জৰিমনা বিহিব পাৰে।

১৫. ধাৰা(১৯৪)- (অতিৰিক্ত বোজা কঢ়িওৱাৰ) বাবে
পূৰ্বে ২০০০ টকা আৰু প্ৰতি টনৰ বাবে অতিৰিক্ত ১০০০ টকা দিবলগীয়া আছিল।
এতিয়া ২০০০ টকা আৰু প্ৰতি টনৰ বাবে ২০০০ টকা অতিৰিক্ত দিব লাগিব।

১৬. ধাৰা(১৯৪-এ)-যাত্ৰীৰ অতিৰিক্ত বোজা কঢ়িয়ালে
এই বিলখনত নতুনকৈ এই নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ বাবে প্ৰতিজন যাত্ৰীৰ বাবদ ১০০০ টকা জৰিমনা দিব লাগিব।

১৭. ধাৰা (১৯৪ বি)-ছীটবেল্ট পৰিধান নকৰিলে
পূৰ্বৰ ১০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ১০০০ টকা।

১৮. ধাৰা(১৯৪ চি) –দুচকীয়া বাহনত অধিক আৰোহী
পূৰ্বৰ ১০০ টকাৰ পৰিৱৰ্তে জৰিমণা হ’ব ২০০০ টকা।

১৯. ধাৰা (১৯৪ ই)- জৰুৰীকালীন বাহনক ৰাস্তা এৰি নিদিয়া (এম্বুলেন্স আদি)
এইটো নতুন নিয়ম বিলখনত অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ বাবে ১০,০০০ টকালৈকে জৰিমনা বিহা হ’ব।

২০. ধাৰা (১৯৬)-বীমা অবিহনে ড্ৰাইভিং
পূৰ্বৰ ১০০০ টকাৰ পৰিবৰ্তে জৰিমণা হ’ব ২০০০ টকা।
 

প্ৰতিনিধিত্বমূলক ছবি