দেশজুৰি সৈনিক স্কুল স্থাপনৰ পৰিকল্পনা RSS ৰ
দৈনিক বাতৰি

দেশজুৰি সৈনিক স্কুল স্থাপনৰ পৰিকল্পনা RSS ৰ

জি প্লাছ নিউজডেস্ক | August 01, 2019 14:09 hrs

১ আগষ্ট, গুৱাহাটী: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS এ দেশৰ তৰুণ প্ৰজন্মক দেশপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ বিভিন্ন স্থানত সৈনিক স্কুল খোলাৰ বৃহৎ পৰিকল্পনা হাতত লৈছে। এই স্কুলসমূহৰ নাম আৰ এছ এছৰ প্ৰাক্তন বিষয়ববীয়া ৰাজেন্দ্ৰ সিংৰ ওৰফে ৰাজু ভায়াৰ নামত ৰখা হ’ব। 

প্ৰথমখন ৰাজু ভায়া সৈনিক বিদ্যা মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব উত্তৰ প্ৰদেশৰ চিকাৰপুৰ অঞ্চলত। ইয়াত ল’ৰাৰ বাবে আবাসিক সৈনিক স্কুল স্থাপন কৰা হ’ব। চি বি এছ ই পাঠ্যক্ৰমৰ অধীনত এই বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পঢ়াৰ সুবিধা থাকিব। 

অহা বছৰ এপ্ৰিলৰ পৰা  বিদ্যালয়সমূহত পাঠদান কৰা হ’ব। প্ৰথম পৰ্যায়ত ১৬০ জন কিশোৰক প্ৰশিক্ষণ দিবলৈ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। ইয়াৰে ৫৬ খন আসন সংৰক্ষিত থাকিব। আৰ এছ  এছৰ এই স্কুল নিৰ্মাণৰ বাবে প্ৰায় ৪০ কোটি টকা ব্যয় কৰা হ’ব।  

প্ৰতিনিধিত্বমূলক ছবি