ৰাজ্যসভাত গৃহীত হ’ল আৰ টি আই সংশোধনী বিধেয়ক

Wednesday, 01 April 2020

দৈনিক বাতৰি

ৰাজ্যসভাত গৃহীত হ’ল আৰ টি আই সংশোধনী বিধেয়ক

জিপ্লাছ ব্যুৰ’ | July 26, 2019 13:46 hrs

২৬ জুলাই, গুৱাহাটী : কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত  বৃহস্পতিবাৰে আৰ টি আই সংশোধনী বিধেয়ক গৃহীত কৰে। এই বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত বিৰোধী দলবোৰক মান্তি কৰিবলৈ মন্ত্ৰী পীয়ুষ গোৱেল আৰু প্ৰহ্লাদ যোশীয়ে চৰকাৰৰ তৰফৰ পৰা দায়িত্ব গ্ৰহণ কৰিছিল।

বুধবাৰে নিশা মন্ত্ৰী পীয়ুষ গোৱেল আৰু প্ৰহ্লাদ যোশীয়ে চন্দ্ৰবাবু নাইডু, কে চন্দ্ৰশ্বেখৰ ৰাও, জগন মোহন ৰেড্ডী আৰু নবীন পাটনায়কসহ কেইবাগৰাকীও বিৰোধী দলৰ নেতাৰ সৈতে এই বিধেয়কখনৰ সৈতে আলোচনা কৰিছিল। ৱাই এছ আৰ-কংগ্ৰেছকে ধৰি  ১১৭ টা ভোট বিধেয়কখনৰ সপক্ষত আৰু বিপক্ষত ৭৫ টা ভোটদান কৰা হয়।

বিজেপি সাংসদ চি এম ৰমেশ বিৰোধী দলৰ অভিযোগ সন্দৰ্ভত কয় যে, তেওঁলোকে ৰাজ্যসভাত আৰ টি আই সংশোধনী বিধেয়কত ভোটদানত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছিল। টি আৰ এছ, বি জে ডি আৰু পি ডি পিয়ে এই বিলখন গৃহীত কৰাৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন জনাইছিল।

প্ৰতিনিধিত্বমূলক ছবি